ক’ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰকঃ চিপিআই(এম)

test kits 1

ভাৰতত ক’ভিড সংক্ৰমণৰ দ্বিতীয় ঢৌৱে ভয়াবহ ৰূপ ধাৰণ কৰিছে । সম্প্ৰতি ই সকলোৰে উদ্বিগ্নতাৰ কাৰক হৈ উঠিছে । প্ৰথমটো ঢৌ প্ৰশমিত হোৱাৰ পাছত সংক্ৰমণ ৰোধ কৰাৰ বাবে অৱলম্বন কৰিবলগীয়া সাৱধানতাৰ ক্ষেত্ৰত কৰা শিথিলতাই বৰ্তমান দ্ৰুতভাৱে সংক্ৰমণ বৃদ্ধি হোৱাৰ মূল কাৰক ।

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ গঠন কৰা পিএম কেয়াৰ্ছ ফাণ্ডত জমা হোৱা বিপুল পৰিমাণৰ ধন ব্যৱহাৰ কৰি স্বাস্থ্য সেৱাৰ আন্তঃগাথঁনি উন্নত আৰু সম্প্ৰসাৰিত কৰিবলৈ লাভ কৰা সুযোগ কেন্দ্ৰীয় চৰকাৰে ব্যৱহাৰ নকৰিলে । ফলত হাস্পতালৰ বিছনা, অক্সিজেন যোগান, আইচিইউ, ভেণ্টিলেটৰ আদিৰ ব্যাপক নাটনিৰ সৃষ্টি হৈছে । উপযুক্ত চিকিৎসাৰ অভাৱত বহু লোকে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে ।

ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণহীনভাৱে বৃদ্ধি পোৱাৰ পাছতো কুম্ভমেলাত লক্ষাধিক লোকক সমৱেত হ’বলৈ অনুমতি প্ৰদান, প্ৰধানমন্ত্ৰীৰ নিজেই পশ্চিমবংগৰ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ আদিয়ে বিজেপি চৰকাৰ আৰু দলীয় নেতৃবৃন্দৰ দায়িত্বহীন আচৰণৰ প্ৰমাণ দিছে ।

অসমতো দ্ৰুত হাৰত ক’ভিড সংক্ৰমণ বৃদ্ধি পাইছে । সেয়ে সংক্ৰমণ ৰোধ কৰিবলৈ দ্ৰুত আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা উচিত । অইন ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্যখনত সংক্ৰমণ কম বুলি আত্মসন্তুষ্টি লভাটো পৰিশেষত অত্যন্ত ক্ষতিকাৰক হ’ব পাৰে । অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে একাধিকবাৰ এনে মন্তব্য কৰিছে ।

চৰকাৰৰ প্ৰবক্তাসকলৰ এনে আচৰণে ল’বলগীয়া সাৱধানতাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত শিথিলতা অনাৰ আশংকা আছে । স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনত স্বাস্থ্য সেৱাৰ সুযোগ এই পৰ্যন্ত যথেষ্ট সীমিত । সেয়ে ক’ভিড সংক্ৰমণে ব্যাপকতা লাভ কৰাৰ পূৰ্বেই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত ।

ৰাজহুৱা স্থানত মাস্ক পৰিধান আৰু শাৰীৰিক দূৰত্ব মানি চলাটো কঠোৰভাৱে নিশ্চিত কৰাটো উচিত । ৰাজহুৱা স্থানসমূহ বীজাণুমুক্ত কৰিবলৈ চৰকাৰী সংস্থাসমূহে শীঘ্ৰে আৰু নিয়মিতভাৱে অভিযান চলাব লাগে । সকলো প্ৰাপ্তবয়স্ক লোকক প্ৰতিষেধক প্ৰদান কৰাটো চৰকাৰে নিশ্চিত কৰা উচিত ।

সম্প্ৰতি ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত প্ৰায় সপ্তাহজুৰি প্ৰতিষেধকৰ নাটনিয়ে দেখা দিছিল । চৰকাৰৰ অসতৰ্কতাৰ বাবে যাতে পুনৰ এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সজাগ হ’ব লাগে । হাস্পতালৰ বিছনা, আইচিইউ, ভেণ্টিলেটৰ, অক্সিজেন যোগানৰ ব্যৱস্থা সম্প্ৰসাৰিত কৰাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন যাতে যিকোনো পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিব পাৰে ।

হাস্পতালসমূহত পৰ্যাপ্ত সংখ্যক চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মীৰ ব্যৱস্থা কৰিব লাগে । চৰকাৰে ৰোগীসকলক পুষ্টিকৰ খাদ্য যোগান ধৰিব লাগে । চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটীয়ে অসমৰ জনসাধাৰণক ক’ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবে সজাগ, সতৰ্ক আৰু ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায় ।

Exit mobile version