নলবাৰীৰ সাহপুৰত মনহৰি বৰ্মাক ৰাজহুৱা সম্বৰ্ধনা আৰু সম্বৰ্ধনা গ্ৰন্থ উন্মোচন

যি জীৱনে আনৰ জীৱন পোহৰ কৰে সেয়াই মহাজীৱনঃ ধ্ৰুৱজ্যোতি শৰ্মা

WhatsApp Image 2021 04 18 at 7.04.10 PM

যি জীৱনে অগণিত বিদ্যাৰ্থীৰ জীৱন পোহৰ কৰে সেয়াই মহাজীৱন । মহাজীৱনৰ মৃত্যু নাই, ই মানুহৰ হৃদয়ত জীয়াই থাকে যুগৰ পৰা যুগলৈ । নলবাৰীৰ ঐতিহাসিক সাহপুৰ গাঁৱৰ পাণবাৰীতোলা চুবুৰীত অনুষ্ঠিত কৃতী শিক্ষক, সুদক্ষ অভিনেতা মনহৰি বৰ্মাৰ ৰাজহুৱা সম্বৰ্ধনা আৰু গ্ৰন্থ উন্মোচনী সভা উদ্বোধন কৰি এইদৰে মন্তব্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই ।

আজি জনাকীৰ্ণ সভাত শৰ্মাই পুনৰ কয় যে, এটা জাতিৰ উত্তৰণ আৰু বিকাশত এজন শিক্ষকৰ অৱদান অনবদ্য, অনন্য । শিক্ষকসকল হৈছে সমাজ ৰূপান্তৰৰ খনিকৰ । সেয়ে কোৱা হয় শিক্ষাদানতকৈ মহৎ দান আৰু একো নাই । ‘মনহৰি বৰ্মা : জীৱন আৰু কৃতি’ শীৰ্ষক অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে বৰভাগ কলেজৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকাই।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বৰ্মাৰ শিক্ষক জীৱনৰ ওপৰত প্ৰাসংগিক বক্তব্য আগবঢ়ায় গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ তথা বৰ্মাৰ প্ৰাক্তন ছাত্ৰ ড° পৰমানন্দ মজুমদাৰে । সম্বৰ্ধিত ব্যক্তি মনহৰি বৰ্মাই নিজৰ কৰ্মময় জীৱন সুঁৱৰি আৱেগিক হৈ পৰে।গুণমুগ্ধ ৰ অনুৰোধত তেখেতে ফনী শৰ্মাৰ নাটকৰ সংলাপ আওৰাই পৰিৱেশ আৱেগিক কৰি তোলে ।

বিশিষ্ট ক্ৰীড়া সংগঠক দীপক কুমাৰ দাস, যুৱ লেখক সুভাষ বৰ্মন আৰু সাংস্কৃতিক কৰ্মী ত্ৰিদীপ ৰঞ্জন মেধি আৰু দিগন্ত নাৰায়ণ কোঁৱৰৰ লগতে অধিবক্তা পংকজ শৰ্মাৰ সম্পাদনাত প্ৰকাশিত অভিনন্দন গ্ৰন্থখন উন্মোচন কৰি অধ্যক্ষ ডেকাই সাৱলীল ভাষণ আগবঢ়ায়। ত্ৰিদীপ ৰঞ্জন মেধিয়ে আঁত ধৰা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সুভাষ বৰ্মনে ।

শিশু শিল্পী ঐশিক কৰণ দাসে গোৱা শ্ৰুতিমধুৰ গীতে সভাত সকলোকে আকৰ্ষণ কৰে। অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নৰেন শৰ্মাই সভাপতিত্ব সভাখনত বিশিষ্ট শিক্ষাব্ৰতী তাৰাপ্ৰসন্ন মেধি , বিশিষ্ট সমাজ সংগঠক প্ৰদ্যুত ভূঞা , কালীন্দ্ৰ কুমাৰ মেধি , শংকৰদেৱ সংঘৰ সম্পাদক কৰ্ণধৰ বৰ্মন , শিক্ষক গোবিন্দ বৰ্মন আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

ইয়াৰ পূৰ্বে অসমৰ বিশিষ্ট নাট্যকাৰ অৱতাৰ সিঙে বন্তি প্ৰজ্বলন আৰু বৃক্ষৰোপণ কৰে তচীল বৰ্মনে ।

Exit mobile version