মধ্যবিত্ত মানসিকতাতেই ডাঙৰ-দীঘল হৈছে অভিষেক আৰু শ্বেতা, শেহতীয়া এক সাক্ষাৎকাৰত জনালে অমিতাভ পুত্ৰ‌ই

f30f364e b860 11ea 9350 67a6fbf842e0 1618574677754

জনপ্ৰিয় অভিনেত্ৰী তথা সাংসদ জয়া বচ্চন আৰু বিশিষ্ট অভিনেতা অমিতাভ বচ্চনৰ পুত্ৰ অভিষেক বচ্চন । সেয়ে হয়তো বহুতেই তেওঁক সৰুৰ পৰা বিশেষ আভিজাত্যৰে ডাঙৰ-দীঘল হোৱা বুলি ধাৰণা কৰিব পাৰে । শেহতীয়া এক সাক্ষাৎকাৰত অভিষেক বচ্চনে জনায়, তেওঁ আৰু তেওঁৰ ভগ্নী শ্বেতা দুয়োজনে আন মধ্যবিত্ত ল’ৰা-ছোৱালীৰ দৰেই ডাঙৰ হৈছে । তেওঁলোকক সৰুৰ পৰাই শিক্ষা দিয়া হৈছিল যে, নিজৰ যোগ্যতাৰে নিজৰ চাহিদা পূৰণ কৰিব লাগিব ।

তেওঁ লগতে কয়, ‘দিনৰ অন্তত যেতিয়া দৰ্শকে তোমাৰ ছবি চাবলৈ আহে, তেতিয়া তোমাক চাবলৈ আহে । অমিতাভ বচ্চন, জয়া বচ্চন বা ঐশ্বৰ্য ৰাই বচ্চনক নহয় । ম‌ই যদি ভাল কাম নকৰো মোৰ ছবি কিয় চাব !’

জনপ্ৰিয় অভিষেকে সাক্ষাৎকাৰত কয় যে, এজন অভিনেতা হিচাপে আমি সকলোৱে প্ৰশংসা ‌শুনিবলৈ ভাল পাওঁ । কোনোৱে পিঠিত থপ-থপালে ভাল লাগে । আমাৰ ছবিয়ে ভাল ব্যৱসায় কৰিলে আমাৰো ভাল লাগে । দৰ্শকৰ ভাল নালাগিলে মন বেয়া লাগে । সাধাৰণ মানুহৰ দৰেই সাফল্য-ব্যৰ্থতাই আমাৰ ওপৰত প্ৰভাৱ পেলায় ।

তেওঁ লগতে কয় যে, তেওঁৰ পিতৃ অমিতাভ বচ্চনৰ বাবে তেওঁক কোনো পৰিচালকে চলচ্চিত্ৰত ল’ব বিচৰা নাছিল । পিতৃৰ স’তে তুলনা কৰি ট্ৰ’লৰো সন্মুখীন হ’বলগীয়া হয় । অৱশ্যে এইবোৰ কথাই এতিয়া খুব এটা প্ৰভাৱ নেপেলাই বুলিও জনায় অভিষেকে ।

Exit mobile version