ডাক বিভাগৰ হেমাহিৰ বাবে হিতাধিকাৰীৰ চৰম হাৰাশাস্তি

post office jobs 1602560290

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাওঁ‌ থানাৰ অন্তৰ্গত ২ নং কানুপাৰা গাঁৱত ভাৰতীয় ডাক বিভাগৰ হেমাহিৰ বাবে এটি দৰিদ্ৰ পৰিয়াল দীৰ্ঘদিনৰ পৰা চৰম হাৰাশাস্তি ভুগিবলগীয়া হৈছে ৷

প্ৰাপ্ত বীমাৰ ধন বিচাৰি বিগত পাঁচ বছৰৰ পৰা হাবাথুৰি খাই আহিছে পৰিয়ালটোৱে ৷ তথ্য অনুসৰি গাঁওখনৰ বাসিন্দা কৃষ্ণ সৰকাৰ নামৰ ব্যক্তিজনে তেওঁৰ পত্নী ৰঞ্জিতা সোনাৰৰ(২৬) নামত ডাক বিভাগৰ গ্ৰাম্য ডাক জীৱন বিমা আচনিৰ অধিনত (RPLI) এটা পলিচি বিগত ২০১৩ চনৰ ন মে’ত ক্ৰয় কৰিছিল ।

গুৰুফেলা ডাকঘৰত খোলা R-AS-EA-441050 নম্বৰৰ পলিচিটো একেৰাহে তিনি বছৰ চলি থকাৰ মাজতে বীমাধাৰী ৰঞ্জিতা সোনাৰৰ মৃত্যু হয় ৷ আচনীৰ নিয়ম অনুসৰি বীমাধাৰীৰ মৃত্যুৰ পাছত নমিনিয়ে ধাৰ্য ধন আদায় পাব লাগিছিল যদিও বিভাগীয় কতৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷

দুজনী কনমানী কন্যা শিশুক এৰি ২০১৬ চনৰ চাৰি জানুৱাৰীত মৃত্যু হোৱা ৰঞ্জিতা সোনাৰৰ পৰিয়ালে আজিলৈকে নাপালে প্ৰাপ্ত ধন। বীমাৰ টকাৰ বাবে সকলো নথিপত্ৰ দি গুৰুফেলা ডাক বিভাগৰ জৰিয়তে দাবী(ক্লেম) কৰে, কিন্তু দুখৰ কথা আজিলৈকে এই দুখীয়া পৰিয়ালটোৱে বীমাত উল্লেখ থকা মতে ৫০ হেজাৰ টকা পোৱা নাই।

বিমাৰ টকাৰ বাবে ভুক্তভোগী পৰিয়ালটোৱে গুৰুফেলা, গুৱাহাটী, গোৱালপাৰা, কোকৰাঝাৰ ডাক ঘৰত যোৱা পাচঁ‌ বছৰৰ পৰা বিষয়া সকলক কাকুতি মিনতি কৰি আছে যদিও বিভাগীয় ফালৰ পৰা কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷

গুৱাহাটীস্থিত ৰাজ্যিক কাৰ্য্যলয়লৈকে ভুক্তভোগীয়ে আবেদন কৰিছিল যদিও কোনো সহাৰি পোৱা নাই । গুৰুফেলা ডাক বিভাগৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ পৰা ভুক্তভোগী পৰিয়ালটোৱে বিমাৰ ধনৰ বিষয়ে জানিব বিচাৰিলে বিষয়া কৰ্মচাৰীয়ে একো নাজানে বুলি কই গা এৰা মন্তব্য দিয়ে ৷

Exit mobile version