দিল্লীত সোমাবাৰে নিশাৰ পৰা ছয় দিনৰ লৈকে তলাবন্ধ

delhi police coronavirus

দিল্লীত কৰ’না সংক্ৰমণে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে । দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যা ২৫ হেজাৰ অতিক্ৰম কৰিছে। এই পৰিস্থিতিত, অৰবিন্দ কেজৰিৱাল চৰকাৰে সোমবাৰে নিশা ১০ বজাৰ পৰা অহা সোমবাৰে পুৱা পাঁচ বজালৈ দিল্লীত তলাবন্ধ জাৰি কৰে।

দিল্লী চৰকাৰে জনাইছে যে তলাবন্ধৰ সময়ত কেৱল চৰকাৰী কাৰ্যালয় আৰু জৰুৰীকালীন সেৱাসমূহহে কাৰ্যকৰী হ’ব। ব্যক্তিগত কাৰ্যালয়ৰ কৰ্মচাৰীসকলক তেওঁলোকৰ ঘৰৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

দেওবাৰে দিল্লীত কৰ’না ৰোগীৰ সংখ্যা হৈছে ২৫হেজাৰ ৪৬২জন যি এতিয়ালৈকে এদিনত সৰ্বাধিক। ৰাজধানীত সংক্ৰমণৰ হাৰ ৩০ শতাংশত উপনীত হৈছে।

বিগত ২৪ ঘণ্টাত সংক্ৰমণৰ হাৰ ছয় শতাংশ বৃদ্ধি পাইছে।এই পৰিস্থিতিত সংক্ৰমণৰ শৃংখল ভাঙিবলৈ এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিবলৈ দিয়ে দিল্লী চৰকাৰে ।

পূৰ্বে কেজৰিৱালে প্ৰেক্ষাগৃহ, ৰেষ্টুৰেণ্ট, শ্বপিং মল, জিম আৰু স্পা বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। সকলো সামাজিক, ধৰ্মীয় আৰু ৰাজনৈতিক সমাৱেশ বন্ধ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

Exit mobile version