পুনৰ কৰ’না সংক্ৰমণৰ বাবে ভাৰত ভ্ৰমণ বাতিল কৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জ’নছনে

GettyImages 1180651785 1320x880 1

পুনৰ এবাৰ কৰ’না ভাইৰাছ পৰিস্থিতিত ভাৰত ভ্ৰমণ বাতিল কৰিলে ব্ৰিটেইন প্ৰধানমন্ত্ৰী বৰিছ জ’নছনে।

তেওঁ এইবাৰ দিল্লীত গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হোৱাৰ কথা আছিল। কিন্তু পৰিস্থিতিৰ বাবে ব্ৰিটেইনৰ কৰ’নাই ভ্ৰমণটো বাতিল কৰিলে।

ভাৰত আৰু ব্ৰিটেইনৰ এক যুটীয়া বিবৃতিত কোৱা হৈছে, “বৰ্তমানৰ কৰ’না ভাইৰাছ পৰিস্থিতিত প্ৰধানমন্ত্ৰী বৰিছ জ’নছনে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব নোৱাৰিব। ইয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোডী আৰু জনছনে এই মাহৰ শেষৰ ফালে ব্ৰিটেইন আৰু ভাৰতৰ মাজত ভৱিষ্যতৰ উচ্চাকাংক্ষী পৰিকল্পনাৰ বিষয়ে আলোচনা আৰু আৰম্ভ কৰিবলৈ সন্মত হৈছে।

যুটীয়া বিবৃতিটোত কোৱা হয় যে মোডী আৰু জ’নছনে নিয়মীয়া যোগাযোগ অব্যাহত ৰাখিব। এই বছৰৰ শেষৰ ফালে মুখামুখি বৈঠকৰ বাবে অপেক্ষা কৰি আছে।

সোমবাৰে ভাৰতত ২৭৩,৮১০ জন কৰ’না আক্রান্ত ৰোগীৰ খবৰ পোৱা গৈছে। ভাৰতত কৰ’না মহামাৰী আৰম্ভ হোৱাৰ পিছৰে পৰা এইটো সৰ্বাধিক দৈনিক সংক্ৰমণ। বিগত ২৪ ঘণ্টাত কৰ’নাত ১,৬১৯ জন লোকে প্ৰাণ হেৰুৱাইছে ।

Exit mobile version