শিৱসাগৰত কাৰ নিয়ন্ত্ৰনত চলিছে পাণ-তামোলৰ বেহা ?

নগালেণ্ডৰ পাণ-বাৰ্মাৰ তামোলেৰে বজাৰত মূল্য বৃদ্ধিৰ জুই

paan supari betel nut 260nw 171547565

অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ নিয়ন্ত্ৰনহীন মূল্য বৃদ্ধিয়ে ৰাজ্যৰ জনসাধাৰণৰ কঁকাল বাৰুকৈয়ে কোঙা কৰি পেলোৱাৰ সমান্তৰালভাবে অসমীয়া সমাজ জীৱনৰ অতি আদৰৰ পাণ – তামোলৰ নামতো অসাধু চক্ৰই কেঁকোৰা চেপা দিছে ।

উজনি অসমৰ শিৱসাগৰ জিলাত দিনক দিনে অবাধ গতিত বৃদ্ধি পাব ধৰা পাণ – তামোলৰ মূল্যই সমাজ জীৱনত বেয়াকৈ প্ৰভাৱ পেলাইছে । উলেখ্য যে থলুৱা পাণ – তামোলৰ পৰিৱৰ্তে জিলাখনৰ বিভিন্ন প্ৰান্তত সূলভ হৈ পৰিছে বহিঃৰাজ্য নগালেণ্ডৰ পাণ আৰু বাৰ্মাৰ তামোল ।

বহিঃৰাজ্যৰ পৰা অহা নিম্নমানৰ এপোণ তামোলৰ দাম ৪৮০ ৰ পৰা ৫০০ টকা । সেইদৰে নগালেণ্ডৰ এক মোঠা পাণৰ মূল্য ৩৫০ টকাৰ পৰা ৪০০ টকা । ইয়াৰ ফলত সৰ্বসাধাৰণ ৰাইজে বজাৰত পাণ তামোল ক্ৰয় কৰিবলৈ গৈ মুৰে কঁপালে হাত দিব লগা পৰিস্থিতি ।

অসমীয়া সমাজ জীৱনৰ অতি আদৰৰ থলুৱা পাণ তামোলৰ বজাৰ বহিঃৰাজ্যৰ পাণ – তামোলৰ দখললৈ যোৱাৰ পাছত ইয়াৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সমাজ জীৱনত কেনে প্ৰভাৱ পেলাইছে সেয়া প্ৰকাশৰ বাহিৰত ।

অসম নগালেণ্ড আৰু অসম বাৰ্মাৰ সীমান্তত চলি থকা চিণ্ডিকেট ৰাজ ব্যৱস্থাৰ বাবেই ৰাজ্যৰ সৰ্বসাধাৰণে অভাৱণীয় মূল্য বৃদ্ধিৰ বোজা কান্ধ পাতি ল’ব লগা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

ইমানৰ পাছতো জাতীয় অস্তিত্ব সুৰক্ষাৰ নামত সততে সৰৱ ভূমিকা পালন কৰা জাতীয় সংগঠণ সমূহৰ ভূমিকা এই ক্ষেত্ৰত লক্ষ্যণীয় বুলি বিবেচিত হৈছে ।আনহাতে ৰাজ্যৰ কৃষি বিভাগে পান তামোলৰ খেতিৰ প্ৰতি থলুৱা কৃষকক আকৃষ্ট কৰিব পৰাকৈ কোনো উদ্যোগ নোলোৱাৰ পৰিণতিত থলুৱা পাণ তামোলৰ উৎপাদন দ্ৰুত গতিত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ।

Exit mobile version