এণ্টিব’ডিৰ কাৰ্যকৰিতা জানিবলৈ ইচ্ছাকৃত সংক্ৰমণ লেবত

106869524 1618579264541 gettyimages 1232281778 AFP 97W73Z

সম্প্ৰতি বিশ্বৰ অৰ্ধেক সংখ্যক দেশকে গ্ৰাস কৰিছে কৰ’নাৰ দ্বিতীয় ঢৌৱে । বহুতে দ্বিতীয়বাৰ কৰ’নাত আক্ৰান্ত হৈছে । সেয়ে সংশ্লিষ্ট ব্যক্তিৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাই কেনে ধৰণে কাম কৰিছে, এণ্টিব’ডিৰ কাৰ্যকৰিতা কিমান এই সকলো তথ্য জানিবলৈ বছৰজুৰা পৰীক্ষণ আৰম্ভ কৰিছে ব্ৰিটেইনে । এই পৰীক্ষণ চলাইছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে ।

পৰীক্ষণত অংশগ্ৰহণ কৰা স্বেচ্ছাসেৱকসকল প্ৰত্যেকেই এবাৰকৈ কৰ’নাত আক্ৰান্ত হৈছে । তেওঁলোকৰ বয়স ১৮ৰ পৰা ৩০ বছৰ । পৰীক্ষণত তেওঁলোকে স্ব‌ইচ্ছা অনুসৰি পুনৰ ক’ভিড-১৯ত সংক্ৰমিত হ’ব লাগিব । এই পৰীক্ষণত পৰ্যৱেক্ষণ কৰা হ’ব যে শৰীৰৰ ইমিউনিটী ছীষ্টেম বা ৰোগ প্ৰতিৰোধ ক্ষমতাই কৰ’নাৰ বিৰুদ্ধে কেনেকৈ যুঁজ দিয়ে । ইয়াক ‘চেলেঞ্জ ট্ৰায়েল’ হিচাপে অভিহিত কৰা হৈছে । সম্পূৰ্ণ চিকিৎসক, বিশেষজ্ঞসকলৰ প্ৰৰ্যৱেক্ষণত থাকিব অংশগ্ৰহণকাৰীসকল ।

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰতিষেধক বিশেষজ্ঞ হেলেন মেক্সেনে এক বিবৃতিত কয়, ‘প্ৰাকৃতিকভাৱে যিসকল কৰ’নাত আক্ৰান্ত হৈছে তেওঁলোকৰ কথা বেলেগ । এই ক্ষেত্ৰত সম্পূৰ্ণ বিষয়টো নিয়ন্ত্ৰণ কৰি ৰখা হৈছে । সংক্ৰমণ হোৱাৰ পাছত শৰীৰত কি কি প্ৰতিক্ৰীয়া হয় সকলো পৰ্যৱেক্ষণ কৰা হ’ব ।’

চলিত মাহতেই আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ পৰীক্ষণ । প্ৰথমে পৰীক্ষা কৰা হ’ব কোন ভাইৰাছে আটাইতকৈ কম পৰিমাণে সংক্ৰমণ ঘটাব পাৰে । ইয়াৰ পাছত সেই ভাইৰাছেৰে ৬৪ গৰাকী অংশগ্ৰহণকাৰীক সংক্ৰমিত কৰা হ’ব । শৰীৰত হোৱা প্ৰতিক্ৰিয়া পৰ্যৱেক্ষণ কৰা হ’ব । পৰৱৰ্তী ২৪ ঘণ্টা সম্পূৰ্ণ পৰ্যৱেক্ষণত ৰখা হ’ব অংশগ্ৰহণকাৰীসকলক । তেওঁলোকক হাস্পতালত পৃথককৈ ৰখা হ’ব । বিভিন্ন ধৰণৰ শাৰিৰীক পৰীক্ষা কৰা হ’ব যেনে, হাওঁফাওঁৰ চিটিস্কেন, হৃদযন্ত্ৰৰ এম‌আৰ‌আই স্কেন ।

প্ৰশ্ন উত্থাপন হৈছে যে, ইচ্ছাকৃতভাৱে কৰ’না সংক্ৰমণ কৰা সকলৰ পৰা অন্য লোক আক্ৰান্ত নহ’ব নেকি ? এই বিষয়ত পৰীক্ষণৰ স’তে জড়িত বিশেষজ্ঞসকলে জনায় যে, অংশগ্ৰহণকাৰীসকল ভাইৰাছ মুক্ত হৈছে বুলি নিশ্চিত হোৱাৰ পাছতহে তেওঁলোকক হাস্পতালৰ কুৱাৰেণ্টাইন চেণ্টাৰৰ পৰা যাবলৈ দিয়া হ’ব ।

মেক্সেনে কয়, ‘এই পৰীক্ষণৰ মূল লক্ষ্য, কৰ’না সংক্ৰমণৰ পাছত কিমান দিনলৈ শৰীৰত এণ্টিব’ডি কাৰ্যকৰী হৈ থাকে তাৰ পৰীক্ষা কৰা । শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্যকাৰিতা গ’ম পালে আৰু দ্বিতীয় সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হ’লে, অধিক কাৰ্যকৰী প্ৰতিষেধক প্ৰস্তুত কৰিব পৰা যাব ।’

Exit mobile version