ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ অৱলম্বন কৰিব লাগিব এই নিয়মাৱলী

social distancing

ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ অসম ৰাজ্যিক চৰকাৰে নতুনকৈ এছ‌অ’পি জাৰি কৰিছে । আজিৰে পৰা কাৰ্যকৰী হ’ব সকলো নিয়মাৱলী আৰু ৩০ এপ্ৰিললৈ অব্যাহত থাকিব ।

এছ‌অ’পি নিয়মাৱলীঃ

● জিলা প্ৰশাসনৰ অনুমতিত মুক্ত অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব । মাস্ক পৰিধান, ছেনিটাইজাৰ ব্যৱহাৰ, নিয়মিত হাত ধোৱা, সামাজিক দূৰত্ব মানি চলা আদি প্ৰাথমিক সাৱধানতা অৱলম্বন কৰা বাধ্যতামূলক । অনুষ্ঠানত ৫০ শতাংশ দৰ্শক উপস্থিত থাকিব পাৰিব ।
● বিবাহ অনুষ্ঠানত এশজন লোক উপস্থিত থাকিব পাৰিব ।
● অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ২০ জন লোক উপস্থিত থাকিব পাৰিব ।
● ধাৰ্মিক অনুষ্ঠানসমূহত প্ৰতি ঘণ্টাত ২০ জনতকৈ অধিক লোক গোট খাব নোৱাৰিব । প্ৰসিদ্ধ অনুষ্ঠানসমূহত প্ৰতি ঘণ্টাত ৫০ জন লোক উপস্থিত থাকিব পাৰিব ।
● সকলো বজাৰ/ ছুপাৰ মাৰ্কেট/ মলৰ ভিতৰত থকা দোকান/ সাপ্তাহিক বজাৰ সন্ধিয়া ছয় বজাত বন্ধ কৰিব লাগিব ।
● সকলো চৰকাৰী-বেচৰকাৰী অনুস্থান প্ৰতিষ্ঠানে ৱৰ্ক ফ্ৰম হোমত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে ।
● জৰুৰী সেৱা, আইন প্ৰৱৰ্তক সেৱা আৰু নিৰ্বাচনৰ স’তে জড়িতসকলৰ বাহিৰে সকলো কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীৰ অনুমতি ।

Read Here
● গৰ্ভৱতী মহিলা আৰু পাঁচ বছৰৰ অনুৰ্ধ্বৰ শিশু থকা মহিলাক ঘৰৰ পৰা কাম কৰাৰ অনুমতি ।
● কাৰ্যালয়সমূহৰ প্ৰৱেশ দ্বাৰ আৰু প্ৰস্থান দ্বাৰত ছেনিটাইজাৰ ৰখা বাধ্যতামূলক ।
● সকলো শিক্ষানুষ্ঠান বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ে অনলাইন পাঠদানৰ ব্যৱস্থা কৰিব পাৰিব ।
● ৫০ শতাংশ শীক্ষাৰ্থীৰ অনুমতি ।
● শিক্ষানুষ্ঠানত প্ৰাতঃ সভা/ বিশেষ সভা অনুষ্ঠিত কৰিব নোৱাৰিব ।
● চিটি বাছ, আন্তঃজিলা, বহিঃজিলা আন্তঃৰাজ্যিক বাছে ৫০ শতাংশ যাত্ৰী বহন কৰিব পাৰিব ।
● কোনো যাত্ৰীয়ে যানবাহনত থিয় হৈ যাত্ৰা কৰিব নোৱাৰিব ।
● যানবাহনত মাস্ক পৰিধান কৰা বাধ্যতামূলক ।
● ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা বাধ্যতামূলক ।
● ব্যৱসায়িক প্ৰতিষ্ঠানত ছয় ফুট দূৰত্ব ৰখাটো বাধ্যতামূলক । দোকানৰ ভিতৰত কেৱল পা‌চজন গ্ৰাহক সোমাব পাৰিব । সকলো দোকানৰ সন্মুখত ছেনিটাইজাৰ, চাবোন ৰখা বাধ্যতামূলক ।
● নাপিত, চেলুন আৰু পাৰ্লাৰ খোলা থাকিব । অৱশ্যে মাস্ক আৰু হেণ্ড গ্লোবছ পিন্ধা বাধ্যতামূলক ।

Exit mobile version