কৰ’নাত আক্ৰান্ত হৈ মৃত্যু বকোৰ এগৰাকী মহিলা

WhatsApp Image 2021 04 20 at 6.35.01 PM

বকোত কৰ’নাত আক্ৰান্ত হৈ আজি এগৰাকী মহিলাৰ মৃত্যু । তথ্য অনুসৰি মহিলাগৰাকী বকো তাৰাবাৰীৰ নৃদয়া সূত্ৰধৰ ।সোমাবাৰে মহিলা গৰাকী কৰ’নাত আক্ৰান্তৰ তথ্য পোহৰলৈ আহিছিল।

নিজ গৃহত আছুতীয়ালৈ ৰখা হৈছিল মহিলাগৰাকীক। ৰাতিপুৱা অক্সিজেন লেভেল কমি যোৱাত চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল মহিলা গৰাকীক। জিএমচিএইচলৈ নিয়াৰ পথতে মৃত্যু হয় মহিলাগৰাকীৰ।

উল্লেখযোগ্য যে হৃদৰোগত আক্ৰান্ত আছিল মহিলাগৰাকী। আনহাতে বকোত পুনৰ আজি চাৰিজন কৰ’নাত আক্ৰান্ত। বৰ্তমানলৈ বকো সমষ্টিত ২৫গৰাকী লোকৰ শৰীৰত পোৱা গৈছে কৰ’নাৰ অৱস্থিতি।

Exit mobile version