তিনিটা বৃহৎ ক্লাবক চেম্পিয়ন্স লীগৰ ছেমিফাইনেলৰ পৰা নিষিদ্ধ কৰাৰ সম্ভাৱনা

f871a 15629424645388 800

চেম্পিয়ন লীগৰ পৰা নিষিদ্ধ কৰা হ’ব পাৰে চেলচি, ৰিয়েল মাদ্ৰিদ আৰু মেঞ্চেষ্টাৰ চিটিক । ‘ইউৰোপীয়ান ছুপাৰ লীগ’ত অংশগ্ৰহণ কৰিব বিচৰা এই তিনি ক্লাবৰ বিৰুদ্ধে এনেধৰণৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ৱেফাই । ছুপাৰ লীগত অংশগ্ৰহণ কৰিব বিচৰা ১২টা ক্লাবৰ ভিতৰত এই তিনিটা ক্লাবো ।

ডেনমাৰ্কৰ এজন ফুটবল কৰ্মচাৰী জেস্পাৰ মোল্লাৰে কয়, ‘এই ক্লাবসমূহ যাব‌ই লাগিব । শুকুৰবাৰৰ ভিতৰতে এই কাৰ্য সম্পন্ন হ’ব বুলি আশাপ্ৰদ । ইয়াৰ পাছত আমি পৰিকল্পনা কৰিব লাগিব কেনেদৰে চেম্পিয়ন্স লীগ সমাপ্ত কৰা হ’ব ।’ শুকুৰবাৰে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হ’ব বুলিও জনায় মোল্লাৰে ।

ৱেফা প্ৰধান আলেকজেণ্ডাৰ চেফৰিন এই তিনি ক্লাবক নিষিদ্ধ কৰাৰ পক্ষত । তেওঁ কয়, ‘উক্ত বিষয়ত আমাৰ অধিবক্তাসকলৰ স’তে আলোচনা কৰিছো । কি সিদ্ধান্ত গ্ৰহণ কৰা হয় আপোনালোকক জনায় দিয়া হ’ব । মোৰ মতে, এই ক্লাববোৰক আমাৰ সকলো প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰা উচিত আৰু খেলুৱৈসকলকো সকলো প্ৰতিযোগিতাৰ পৰা নিষিদ্ধ কৰিব লাগে ।’

Exit mobile version