Murder গুটখা কিনিবলৈ ১০ টকা খুজি নাপালে ! খঙত পিতৃক হত্যা যুৱকৰ
গুটখা কিনিবলৈ ১০ টকা বিচাৰিছিল পুত্ৰই । পিতৃয়ে টকা নিদিয়াত হত্যা কৰাৰ পাছতে কটা ডিঙি লৈ থানাত হাজিৰ হ’ল অভিযুক্ত !
শেহতীয়াকৈ এই ঘটনা সংঘটিত হৈছে উৰিষ্যাত। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি পৰিয়ালটো উৰিষ্যাৰ ময়ুৰভঞ্জ জিলাৰ বাসিন্দা। মৃত যুৱকজনৰ নাম বৈধৰ সিং (৭০)। তেওঁ পত্নী আৰু ৪০ বছৰীয়া পুত্ৰৰ স’তে থাকে।
বিগত কেবাবছৰ ধৰি তেওঁৰ পুত্ৰ গুটখাৰ প্ৰতি আসক্ত হৈ আছিল। শেহতীয়াকৈ পুত্ৰই গুটখা কিনিবলৈ বৈধৰৰ পৰা ১০ টকা বিচাৰে কিন্তু তেওঁ টকা দিবলৈ অস্বীকাৰ কৰে।
এই সৰু বিষয়টোকে লৈ পিতৃ-পুত্ৰৰ মাজত তৰ্ক আৰম্ভ হয়। এটা পৰ্যায়ত যুৱকজনে চোকা অস্ত্ৰৰে দেউতাকৰ মুৰটো কাটি পেলাই। পাছত, তেওঁ নিজেই পিতৃৰ কটা মুৰটো লৈ আৰক্ষী চকীলৈ যায়।
এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, হত্যাৰ পাছত, অভিযুক্তজনে তেওঁৰ দেউতাকৰ কটা মুৰটো লৈ আৰক্ষী চকীলৈ আহি নিজকে আত্মসমৰ্পণ কৰে।
অভিযুক্তই আত্মসমৰ্পণ কৰি কয় যে তেওঁ ৭০ বছৰীয়া পিতৃৰ মূৰটো চোকা অস্ত্ৰৰে কাটি পেলাই! অভিযুক্ত আৰু পিতৃ-মাতৃৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ অন্তত তেওঁ এই ঘটনা সংঘটিত কৰে। হত্যাকাণ্ডৰ পিছতে মাতৃয়ে আতংকিত হৈ পলায়ন কৰে।”
বৰিপদাৰ মহকুমা আৰক্ষী বিষয়া প্ৰভাত মল্লিকে কয় যে প্ৰাৰম্ভিক তদন্তৰ পৰা অনুমান কৰিব পাৰি যে এই হত্যাকাণ্ডটো সামান্য বিষয়ৰ বাবেই হৈছে।
অভিযোগৰ ভিত্তিত আৰক্ষী আৰু ফৰেনছিক বিশেষজ্ঞৰ এটা দল গাঁওখনত উপস্থিত হয়। ঘটনাটো কেনেদৰে সংঘটিত হ’ল তদন্ত চলি আছে।



































