বাতিল কৰা হ’ল আইচিএছ‌ই দশম শ্ৰেণীৰ পৰীক্ষা

জুনত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ

c099e8f58a249780435a4af54170c790 original

জটিল ক’ভিড পৰিস্থিতিৰ বাবে আইচিএছ‌ই (দশম শ্ৰেণী) পৰীক্ষা বাতিল কৰা হয় । সোমবাৰে নিশা প্ৰকাশিত এক বিবৃতিত এই বিষয়ে জনায় চিআইএছচিই বোৰ্ডে । লগতে দশম শ্ৰেণীৰ শীক্ষাৰ্থীসকলক একাদশ শ্ৰেণীলৈ উত্তীৰ্ণ কৰাৰো নিৰ্দেশ জাৰি কৰা হৈছে । আইএছচি (দ্বাদশ শ্ৰেণী) পৰীক্ষা সন্দৰ্ভত পূৰ্বৰ প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি জুনত সিদ্ধান্ত ঘোষণা কৰা হ’ব বুলি জনায় ।

দেশত ক’ভিড সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যোৱা শুকুৰবাৰে আইচিএছ‌ই আৰু আইএছচি পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰ‌ই । বোৰ্ডে জনাইছিল যে, জুনৰ প্ৰথম সপ্তাহত পৰীক্ষাৰ নতুন সূচীৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ বিষয়ে লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

সোমবাৰে নিশা প্ৰকাশিত নতুন বিজ্ঞপ্তিত চিআইএছচিই-এ তেওঁলোকৰ অনুমোদিত বিদ্যালয়সমূহক অতি শীঘ্ৰে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ একাদশ শ্ৰেণীত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে অনলাইনত একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰো নিৰ্দেশ দিয়ে ।

অৱশ্যে দ্বাদশ শ্ৰেণী অৰ্থাৎ আইএছচিৰ পৰীক্ষা সন্দৰ্ভত কোনো পৃথক সিদ্ধান্তৰ বিষয়ে জনোৱা নহয় । বিজ্ঞপ্তিত প্ৰকাশ কৰা হয়, ‘১৬ এপ্ৰিলৰ বিজ্ঞপ্তিত ‘আইএছচি ২০২১’ পৰীক্ষাক লৈ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, সম্প্ৰতি তাত কোনো পৰিৱৰ্তন হোৱা নাই । জুনৰ প্ৰথম সপ্তাহতে আইএছচিৰ নতুন সূচীৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।

চিআইএছচিই-য়ে জনায় যে, দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ ফলাফল ঘোষণা কৰা হ’ব । কি মানদণ্ডৰ ভিত্তিত ফলাফল নিৰ্ণয় কৰা হ’ব আৰু কেতিয়া ফৰাফল ঘোষণা কৰা হ’ব সেয়া জনাব চিআইএছচিই-য়ে ।

Exit mobile version