স্বাভাৱিক থাকিব যাত্ৰীবাহী ৰে’ল সেৱা, টুইটযোগে জনালে ৰে’ল মন্ত্ৰণালয়ে

1200px %D0%9F%D0%BE%D0%B5%D0%B7%D0%B4 %D0%BD%D0%B0 %D1%84%D0%BE%D0%BD%D0%B5 %D0%B3%D0%BE%D1%80%D1%8B %D0%A8%D0%B0%D1%82%D1%80%D0%B8%D1%89%D0%B5. %D0%92%D0%BE%D1%80%D0%BE%D0%BD%D0%B5%D0%B6%D1%81%D0%BA%D0%B0%D1%8F %D0%BE%D0%B1%D0%BB%D0%B0%D1%81%D1%82%D1%8C

দেশজুৰি ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে বিভিন্ন ৰাজ্যত তলাবন্ধ আৰু নৈশিক সান্ধ্য আইন জাৰি কৰা হৈছে । এনে পৰিস্থিতিতে যাত্ৰীবাহী ট্ৰেইনৰ চলাচলক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল সাধাৰণ ৰাইজৰ মাজত । সোমবাৰে সকলো সংশয় নাশ কৰি ৰে’ল মন্ত্ৰণালয়ে জনায় যে, যাত্ৰীবাহী ট্ৰেইনৰ সেৱা স্বাভাৱিক থাকিব ।

সোমবাৰে নিশা টুইট কৰি ৰে’ল মন্ত্ৰণালয়ে জনায়, ভাৰতীয় ৰে’লৰ যাত্ৰীবাহী ট্ৰেইন সেৱা স্বাভাৱিক থাকিব । অতিমাৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলক অনুৰোধ কৰা হৈছে, উৰা বাতৰিত বিশ্বাস নকৰিব । কনফাৰ্ম বা আৰ‌এচি টিকত থাকিলেহে ষ্টেচনলৈ আহিব । সকলোধৰণৰ দূৰত্ববিধি মানি চলক ।’

সূত্ৰ অনুসৰি, ৰে’ল মন্ত্ৰণালয়ে যাত্ৰীবাহী ট্ৰেইনৰ সেৱা অব্যাহত থাকিব বুলি ঘোষণা কৰিলেও, ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে বিভিন্ন শাখাত লোকেল ট্ৰেইন বাতিল কৰা হৈছে ।

হাওৰা ডিভিচনত বিগত কিছুদিন ধৰি ১০-১২খন ট্ৰেইন বাতিল কৰা হৈছে । এই পৰ্যন্ত হাওৰা আৰু শিয়ালদহ ডিভিচনত প্ৰায় ৩০ জন গাৰ্ড আৰু চালক কৰ’নাত আক্ৰান্ত হৈছে ।

Exit mobile version