৮১ শতাংশ টিকাকৰণ ইজৰাইলত, মাস্ক পৰিধানৰ প্ৰয়ােজন নাই

116327986 hi064978670

কৰ’নাৰ নতুন সংক্ৰমণৰ ত্ৰাসত সমগ্র বিশ্ব ভােগাৰ সময়তে দেশবাসীৰ বাবে মাস্ক পৰিধানৰ বাধ্যবাধকতা প্রত্যাহাৰ কৰিলে ইজৰাইলে। দেশবাসীৰ উদ্দেশ্য মংগলবাৰে এক নির্দেশনা জাৰি কৰি ইজৰাইল চৰকাৰে কয় যে ৰাজহুৱা স্থানত এতিয়াৰে পৰা ৰাইজে মাস্ক পৰিধান কৰাৰ প্ৰয়ােজন নাই।

ইমানদিনে দেশবাসীয়ে কঠোৰভাৱে পালন কৰা ক’ভিড বিধি আৰু ব্যাপক টিকাকৰণৰ পৰিণতিত ইজৰাইল ক’ভিডমুক্ত হ’বলৈ সফল হ’ল বুলিও দেশখনৰ চৰকাৰে দাবী কৰিছে। এইখন দেশত ১৬ বছৰ ঊর্ধ্বৰ বয়সৰ সকলাে লােককে ক’ভিডৰ প্রতিষেধক প্রদান কৰা হৈছে ।

ইজৰাইল চৰকাৰে প্ৰকাশ কৰা মতে, এই বয়সৰ সীমাৰ ভিতৰত থকা দেশখনৰ ৮১ শতাংশ নাগৰিকক ইতিমধ্যে ফাইজাৰ-বায়’এনটেকৰ ক’ভিড প্রতিষেধকৰ দুটাকৈ পালি প্রদান কৰা হৈছে।

ইজৰাইলৰ মুঠ জনসংখ্যা হৈছে ৯৩ লাখ আৰু দেশখনৰ ৫৩ শতাংশৰাে অধিক নাগৰিকৰ টিকাকৰণ ইতিমধ্যে সম্পূর্ণ হৈছে।

Exit mobile version