ৰাইজক ক’ভিডৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান সদৌ অসম বাঙালি যুৱ ছাত্র ফেডাৰেছনৰ কোকৰাঝাৰ জিলাৰ সভাপতি ইন্দ্রজীৎ দেবনাথৰ

WhatsApp Image 2021 04 20 at 6.35.52 PM

মহামাৰী কৰ’না ভাইৰাছে দ্বিতীয় বাৰৰ বাবে যি ধৰণৰ সংহাৰি ৰূপ ধাৰণ কৰিছে তাৰ ফলত ইতিমধ্যে দিল্লী, মহাৰাষ্ট্ৰ আদি ৰাজ্যত চৰকাৰীভাৱে তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰিছে ।

অসমতো মহামাৰী কৰ’না ভাইৰাছৰ ফলত দৈনিক বহুলোক আক্রান্ত হোৱাৰ লগতে কে’বাজনো লোকৰ মৃত্যু হোৱাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগকে ধৰি অসমৰ মুখ্যমন্ত্ৰীয়ে মহামাৰী কৰ’না ভাইৰাছৰ পৰা হাতসাৰি থাকিবলৈ কে’বাবাৰো আলোচনাত মিলিত হৈছে উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ স’তে ।

আজি সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত সদৌ অসম বাঙালি যুৱ ছাত্র ফেডাৰেছনৰ কোকৰাঝাৰ জিলাৰ সভাপতি ইন্দ্রজীৎ দেবনাথে ৰাইজক ক’ভিডৰ নীতি নিয়ম মানি চলিবৰ বাবে আহ্বান জনায় ।

লগতে তেওঁ কয় যে, ক’ভিডৰ নীতি নিয়মক লৈ ৰাইজ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই, কেৱল সজাগ আৰু সচেতন হৈ থাকিলে সমাজখন জীয়াই থাকিব ।

ইন্দ্রজীতে কয় যে, অসমত কিছুদিনৰ পৰা যি ডি ভোটাৰ, এনআৰচি, ডিটেনছন কেম্প আদিক লৈ চৰকাৰে যাতে ৰাজনীতি নকৰে । লগতে ডিটেনছন কেম্পত থকা লোকসকলক যাতে শীঘ্ৰে মুক্তি দিয়ে তাৰ বাবে চৰকাৰক আহ্বান জনায়।

Exit mobile version