ক’ভিড আক্রান্ত হৈ মৃত্যু বাংলাৰ কবি শংখ ঘোষৰ

Bengali Poet Shankha Ghosh Wins Jnanpith Award 2016

জ্বৰৰ বাবে যোৱা সপ্তাহত বাংলাৰ কবি শংখ ঘোষৰ কৰ’না পৰীক্ষণ কৰোৱা হয় আৰু ১৪ এপ্ৰিলৰ আবেলি ৰিপৰ্ট আহে । ৰিপ’ৰ্টত তেওঁক ক’ভিড পজিটিভ পোৱা যায় ।

কবিজন ইতিমধ্যে বৃদ্ধ বয়সৰ সমস্যাত ভুগি আছিল সেয়ে তেওঁক শাৰীৰিকভাৱে দুৰ্বল হৈ আছিল । তেওঁক চলিত বৰ্ষৰ জানুৱাৰীত চিকিৎসালয়তো ভৰ্তি কৰিবলগীয়া হয় ।

ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত তেওঁ ঘৰতে কোৱাৰেন্টাইন হৈ আছিল । চিকিৎসালয়লৈ যাব বিচৰা নাছিল কবিজন । সেয়ে তেওঁ ঘৰতে চিকিৎসাধীন হৈ আছিল। কিন্তু মঙলবাৰে নিশা হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে । বুধবাৰে পুৱা তেওঁক ভেণ্টিলেটৰ দিয়া হয়। কিন্তু কবিয়ে চিকিৎসকসকলৰ সকলো প্ৰচেষ্টা বিফল কৰি নিশা প্ৰায় ১১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কবিজনৰ মৃত্যুত শোক প্ৰকাশ কৰে । তেওঁ লিখে, “শংখদাৰ মৃত্যুত মই শোক প্ৰকাশ কৰিছো। তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো । শংখদাৰ ক’ভিদত মৃত্যু হয় । তথাপিও, মই মুখ্য সচিবক ৰাজ্যিক সন্মানেৰে তেওঁৰ অন্তিম সংস্কাৰ কৰিবলৈ নিৰ্দেশ দিছো । কিন্তু শংখদাই বন্দুকৰ অভিবাদন পছন্দ কৰা নাছিল । সেইটো বৰ্জন কৰিছো ।”

শংখ ঘোষক তেওঁৰ দীঘলীয়া সাহিত্য কেৰিয়াৰত একাধিক সন্মানেৰে সন্মানিত কৰা হৈছে । ১৯৭৭ ত তেওঁ ‘বাবৰৰ প্ৰাৰ্থনা’ কবিতাৰ বাবে দেশৰ দ্বিতীয় সৰ্বোচ্চ সাহিত্য বঁটা সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৯৯ত ‘ৰক্তকল্যাণ’ নাটকখন কানাড়াৰ পৰা বঙালীলৈ অনুবাদ কৰি সাহিত্য অকাডেমি বঁটা লাভ কৰে।

তেওঁ ৰবীন্দ্ৰ পুৰস্কাৰ, সৰস্বতী সন্মান, জ্ঞানপীঠ বঁটাও লাভ কৰিবলৈ সক্ষম হয় । ২০১১ত তদানীন্তন কেন্দ্ৰীয় চৰকাৰে তেওঁক পদ্মভূষণেৰে সন্মানিত কৰিছিল ।

Exit mobile version