ঘৰত তিনিজন কৰ’না ৰোগী, আতংকিত হৈ তৃতীয় মহলাৰ পৰা জঁপিয়াই মৃত্যু ৮৭ বছৰীয়া বৃদ্ধৰ

2b24a7bf c1a4 48d1 9a13 33c862b8be31

ঘৰত তিনিজনকৈ কৰ’না ৰোগী। আতংকিত হৈ তৃতীয় মহলাৰ বাৰাণ্ডাৰ ৰেলিঙত কাপোৰ বান্ধি তললৈ নামিবলৈ চেষ্টা কৰিছিল ৮৭ বছৰীয়া বৃদ্ধগৰাকীয়ে । আৰক্ষীয়ে অনুসন্ধান কৰি আছে বৃদ্ধগৰাকীয়ে আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল নেকি।

ঘটনাটো সংঘটিত হয় বুধবাৰে ৰাতিপুৱা দক্ষিণ কলকাতাৰ হাজৰা ৰোড ৭৭ ত । আৰক্ষীয়ে কয় যে, পৰিয়ালটোৰ তিনিজন সদস্য কৰ’নাত আক্ৰান্ত । ৮৭ বছৰীয়া বৃদ্ধজনো অসুস্থ আছিল। ঘৰৰে এটা ৰুমত কোৱাৰেন্টাইন হৈ আছিল বৃদ্ধজন । তাতেই সংঘটিত হৈ এই ঘটনা।

স্থানীয় বাসিন্দাসকলে কয় যে, মানুহজনক হঠাতে ৰাতিপুৱা বাৰান্দাৰ ৰেলিঙত ওলমি থকা দেখা যায় আৰু অঞ্চলটোত এক হুলস্থূলৰ সৃষ্টি হয়। অঞ্চলটোৰ মানুহে তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু মানুহজনৰ হাত কাপোৰত ফচি আছিল । ঘৰটোৰ তলত আছে এখন গাড়ীৰ শ্ব’ৰুম । শ্ব’ৰুমৰ বাহিৰত এখন গাড়ী ৰখাই থোৱা আছিল । ওপৰৰ পৰা বৃদ্ধজন ৰখাই থোৱা গাড়ীত পৰাৰ পাছত মাটিত পৰে ।

ততাতৈয়াকৈ বৃদ্ধজনক উদ্ধাৰ কৰি স্থানীয় লোকে চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। স্থানীয় লোকে দাবী কৰে যে, তেওঁ আতংকিত হৈ ঘৰৰ পৰা পলাই যাব বিচাৰিছিল। কিন্তু আৰক্ষীয়ে সন্ধান চলাই আছে যে তেওঁ হতাশাৰ বাবে আত্মহত্যা কৰিছে নেকি।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰিছে। বৃদ্ধজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

Exit mobile version