চিথিলাত অনুষ্ঠিত বাসন্তী পূজাত উপস্থিত হৈ ৰাইজক ক’ভিডৰ নীতি নিয়ম মানি চলাৰ আহ্বান কেএচিৰ কাৰ্যবাহী সদস্য জীবেশ ৰায়ৰ

WhatsApp Image 2021 04 21 at 5.55.18 PM

বিশ্বত মহামাৰী কৰ’না ভাইৰাছে দ্বিতীয় বাৰৰ বাবে যি ধৰনৰ সংহাৰি ৰূপ ধাৰণ কৰিছে তাৰ ফলত ইতিমধ্যে দিল্লী, মহাৰাষ্ট্ৰ আদি ৰাজ্যত চৰকাৰীভাবে তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰিছে।

অসমতো মহামাৰী কৰ’না ভাইৰাছৰ ফলত দৈনিক বহুলোক আক্রান্ত হোৱাৰ লগতে কে’বাজনো লোকৰ মৃত্যু হোৱাৰ লগে লগেই অসম চৰকাৰৰ স্বাস্থ্য বিভাগে দিনে নিশাই ৰাইজৰ সুৰক্ষাৰ বাবে কাম কৰি আছে।

আজি চিথিলাত অনুষ্ঠিত বাসন্তী পূজাত উপস্থিত হৈ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত কেএচিৰ কাৰ্যবাহী সদস্য জীবেশ ৰায়ে কয় যে মহামাৰী কৰ’না ভাইৰাছে যি ধৰনৰ ৰূপ ধাৰন কৰিছে সেইবাবে সকলোৱে সজাগ হোৱাৰ প্ৰয়োজন আছে ।

মানুহ জীয়াই থাকিলে হে সমাজখন জীয়াই থাকিব গতিকে ৰাইজক ক’ভিডৰ নীতি নিয়ম মানি চলাৰ বাবেও আহ্বান জনায় ৰায়ে । লগতে তেখেতে কয় যে ক’ভিডৰ নীতি নিয়মক লৈ ৰাইজ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই, ৰাইজ কেৱল সজাগ আৰু সচেতন হৈ থাকিলে সমাজখন জীয়াই থাকিব ।

উক্ত অনুষ্ঠানত বিটিছিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে , কেএছিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায় , স্থানীয় সমাজ সেৱক তথা শিক্ষক বিষ্ণু জ্যোতি ৰায় , আদিও উপস্থিত থাকে ।

Exit mobile version