মুম্বাইত ‘মন্নত’, আমেৰিকাত কেনে বাসগৃহত থাকে ছাহৰুখ কন্যা

711946 suhana khan

মুম্বাইত আছে এখন ৰাজকীয় ঘৰ । মন্নত ! কিন্তু অধ্যয়নৰ বাবে সুদূৰ নিউয়ৰ্কত সুহানা খানৰ ঠিকনা । কিং খানৰ কন্যাই জানো পাৰিব হোষ্টেলত জীৱন যাপন কৰিব ?

কেতিয়াও নহয় ! সুহানাই বাস কৰে চহৰখনৰ এটা বৃহৎ এপাৰ্টমেণ্টত । তেওঁ মংগলবাৰে পুৱা তেওঁৰ বাসগৃহৰ কিছুমান ফটো ইনষ্টাগ্ৰামত প’ষ্ট কৰে । লগতে তেওঁৰ নিজৰো কিছুমান ফটো । সুহানাক ফটোত তেওঁৰ গালত হাত দি বহি থকা দেখা গৈছে ।

সুহানাৰ মাতৃ গৌৰী খান ইণ্টেৰিয়’ৰ ডিজাইনাৰ হিচাপে প্ৰসিদ্ধ । তেওঁ সাৱলীলভাৱে গৃহসজ্জা কৰি ভাল পায় । কিছুদিন পূৰ্বে তেওঁ ছাহৰুখৰ কাৰ্যালয়খনকো সুহানাৰ এপাৰ্টমেণ্টৰ দৰেই সজাই তুলিছিল ।

বিগত বৰ্ষত তলাবন্ধৰ সময়ত নিজ গৃহত উভতি আহিছিল সুহানাই । বেছ কিছুমাহ পৰিয়ালৰ স’তে অতিবাহিত কৰি পুনৰ আমেৰিকালৈ উভতি যায় । এইবাৰ নিজৰ এপাৰ্টমেণ্টৰ ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলৰ চকু থৰ লগালে এই তাৰকা সন্তানগৰাকীয়ে ।

Exit mobile version