ৰাজ্যক চাৰিশ টকাত ক’ভিশ্বিল্ডৰ এটা ডোজ প্ৰদান কৰিব ছেৰাম ইনষ্টিটিউটে, কেন্দ্ৰ‌ই লাভ কৰিব ১৫০ টকাত

barandbench 2021 04 1b73d685 6583 4911 91b4 4e46a191f03b WhatsApp Image 2021 04 20 at 8 16 11 PM

এক মে’ৰ পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলোকে ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে কেন্দ্ৰ‌ই । ছেৰাম ইনষ্টিটিউটে জনাইছে যে, তেওঁলোকে ৰাজ্যসমূহক প্ৰতি ডোজ ক’ভিশ্বিল্ড প্ৰতিষেধক বিক্ৰী কৰিব চাৰিশ টকাত । অৱশ্যে কেন্দ্ৰ‌ই প্ৰতিষেধক পূৰ্বৰ মূল্যতে অৰ্থাৎ ১৫০ টকাতেই লাভ কৰিব । ইপিনে, বেচৰকাৰী চিকিৎসালয়সমূহে প্ৰতি ডোজ প্ৰতিষেধক ক্ৰয় কৰিব লাগিব ছয়শ টকাত ।

ছেৰাম ইনষ্টিটিউটৰ দাবী, বিদেশৰ মূল্যৰ তুলনাত বহুগুণে কম মূল্যত প্ৰতিষেধক প্ৰদান কৰিছে তেওঁলোকে । বিদেশত প্ৰতি ডোজ প্ৰতিষেধকৰ মূল্য সাতশৰ পৰা ডেৰ হেজাৰ ।

চৰকাৰৰ নতুন নীতি অনুযায়ী, প্ৰতিষেধকৰ অৰ্ধেক ডোজ কেন্দ্ৰৰ বাবে সঞ্চয় কৰি বাকীখিনি ৰাজ্য আৰু বেচৰকাৰী চিকিৎসালয়সমূহক প্ৰদান কৰিব লাগিব । সূত্ৰ অনুসৰি, ১৮ বছৰৰ ঊৰ্ধ্বৰ টিকাকৰণ আৰম্ভ হ’লে দৈনিক প্ৰায় ১২ লাখ অতিৰিক্ত ডোজৰ প্ৰয়োজন হ’ব । ইতিমধ্যে বহু ৰাজ্য‌ই প্ৰতিষেধকৰ নাটনিৰ অভিযোগ উত্থাপন কৰিছে ।

ভাৰতৰ দুখন প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থা ছেৰাম ইনষ্টিটিউট আৰু ভাৰত বায়’টেকক চাৰে চাৰি হেজাৰ কোটি টকা অনুদান প্ৰদান কৰা হ’ব বুলি জনায় কেন্দ্ৰ‌ই । ইয়াৰ পাছতেই ছেৰামৰ স্বত্বাধিকাৰী আদাৰ পুনাৱালাই জনায়, তেওঁলোকৰ সংস্থাই দ্ৰুতগতিত প্ৰতিষেধক উৎপাদন কৰিব । তেওঁ দাবী জনায় যে, মে’ৰ ভিতৰত ১৫ৰ পৰা ২০ শতাংশ অতিৰিক্ত ক’ভিশ্বিল্ড ডোজ বজাৰত মুকলি কৰিব ।

Exit mobile version