কৰ’নাত আক্ৰান্ত হৈ মৃত্যু দিল্লীৰ প্ৰাক্তন মন্ত্ৰী ডাঃ একে ৱালিয়াৰ

দিল্লীৰ প্ৰাক্তন মন্ত্ৰী ডাঃ একে ৱালিয়াই কৰ’নাত আক্ৰান্ত হৈ আজি পুৱা প্ৰাণ হেৰুৱায় । তেওঁ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ ।

ডাক্তৰ হোৱাৰ লগতে তেওঁ ৰাজনীতিতো যোগ দিছিল আৰু দিল্লী বিধানসভা নিৰ্বাচনত চাৰিবাৰ নিৰ্বাচিত হৈছিল । প্ৰাক্তন মুখ্যমন্ত্ৰী শিলা দিক্ষিতৰ মন্ত্ৰীসভাত তেওঁ স্বাস্থ্যমন্ত্ৰী আৰু নগৰ উন্নয়ন মন্ত্ৰী হিচাপে কাম কৰিছিল । ১৯৯৩ত পূৰ্ব দিল্লীৰ গীতা কলনিৰ পৰা নিৰ্বাচনত প্ৰাৰ্থীত্ব কৰিছিল ।

২০১৭ত কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে একে ৱালিয়াই । তেওঁৰ অভিযোগ আছিল দিল্লী পৌৰসভা নিৰ্বাচনত অযোগ্যসকলক প্ৰাৰ্থীত্বৰ টিকত প্ৰদান কৰা হৈছে । অৰ্থৰ বিনিময়ত অযোগ্যসকলক টিকট প্ৰদান কৰা হৈছে বুলি তেওঁ দাবী উত্থাপন কৰিছিল । ২০২০ত তেওঁ দিল্লীৰ কৃষ্ণনগৰত প্ৰাৰ্থীত্ব কৰে, কিন্তু এএপি-ৰ দ্বাৰা পৰাজিত হয় । লক্ষ্মীনগৰত তেওঁৰ নিজস্ব এটা ক্লিনিক আছে ।

কৰ’নাৰ প্ৰকোপত দেশজুৰি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে । প্ৰতিদিনে মৃত্যুৰ হাৰ বৃদ্ধি পাইছে । শেহতীয়াকৈ চিপিআইএম-ৰ সৰ্ব্বভাৰতীয় সাধাৰণ সম্পাদক সীতাৰাম ইয়েচুৰিৰ ডাঙৰ পুত্ৰ আশীষ ইয়েচুৰিয়ে কৰ’নাত আক্ৰান্ত হৈ ৩৫ বছৰ বয়সত প্ৰাণ হেৰুৱাইছে । আশীষ গুড়গাঁৱৰ মেদান্ত হাস্পতালত চিকিৎসাধীন হৈ আছিল । আজি পুৱাই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

Exit mobile version