দেশজুৰি অক্সিজেনৰ সংকট ! কংগনাৰ স্থায়ী সমাধান শুনি অবাক সকলো

thequint 2021 01 df723b05 c489 4a01 8f63 3b9fc44641d6 Screenshot 2021 01 27 at 3 53 08 PM

কৰ’নাৰ দ্বিতীয় ঢৌত সমগ্ৰ দেশখন এক ভয়ানক অৱস্থাত আছে। যোৱা ২৪ ঘণ্টাত দৈনিক সংক্ৰমণ তিনি লাখ অতিক্ৰম কৰিছে। আক্ৰান্তৰ সংখ্যা এনে এক ঠাইত গৈ উপনীত হৈছে যে চিকিৎসালয়ৰ বিচনা আৰু অক্সিজেনৰ অভাৱ হৈছে।

চাৰিওফালে অক্সিজেনৰ বাবে হাহাকাৰ পৰিস্থিতি । এইবাৰ অভিনেত্ৰী কংগনা ৰাণৌৱতে অক্সিজেন পোৱাৰ সমাধানৰ পৰামৰ্শ দিছিল। এই সমাধান দিয়াৰ সময়তো সামাজিক মাধ্যমত ট্ৰ’ল খাবলৈ বাদ নপৰিল অভিনেত্ৰীগৰাকী ।

কংগনাই বুধবাৰে টুইট কৰিছিল আৰু অক্সিজেনৰ সমস্যাটো কেনেদৰে সমাধান কৰিব লাগে তাৰ বিষয়ে কৈছিল । তেওঁ দাবী কৰে যে এই সমস্যাটো স্থায়ীভাৱে সমাধান কৰিবলৈ গছ ৰোপণ কৰিব লাগিব। কংগনাই লিখিছে, “যিসকলৰ অক্সিজেনৰ অভাৱ হৈছে তেওঁলোকে ইয়াক চেষ্টা কৰিব পাৰে। গছ ৰোপণ কৰাটো এক স্থায়ী সমাধান। যদি আপুনি নোৱাৰে,গছ কাটিব নালাগে। আপোনাৰ কাপোৰ পুনৰ ব্যৱহাৰ কৰক। বৈদিক খাদ্য খাওক, জৈৱিক জীৱন যাপন কৰক। “

কংগনাই এই টুইটটোৰ স’তে এটা ভিডিঅ’ প’ষ্ট কৰিছিল। ভিডিঅ’টোত এগৰাকী যুৱতীয়ে যোগৰ জৰিয়তে তেওঁৰ অক্সিজেনৰ স্তৰ সঠিক স্তৰলৈ অনা দেখা গৈছে। কংগনাই কয় যে এই যোগ সাময়িকভাৱে কৰিলে এটা সমাধান বিচাৰি পাব। কিন্তু স্থায়ী সমাধান বিচাৰি গছ ৰোপণ কৰক। টুইটটোৰ শেষত কংগনাই ‘জয় শ্ৰীৰাম’ লিখিছিল।

কংগনাই পুনৰ এইটো টুইট কৰাৰ বাবে ট্ৰলিংৰ সন্মুখীন হয় । সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীৰ এই পৰামৰ্শটো সকলোৱে গ্ৰহণ কৰিব পঢ়ক নাই যি সময়ত মানুহে অক্সিজেনৰ অভাৱত চিকিৎসালয়ৰ পৰা চিকিৎসালয়লৈ দৌৰি ফুৰিছে।

দৰাচলতে, দেশত দৈনিক সংক্ৰমণৰ সংখ্যা তিনি লাখলৈ বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত তিনি লাখ ১৫হেজাৰ ৭৩৫ জন লোক নতুনকৈ কৰ’নাত আক্রান্ত হৈছে ৷ দেশত দৈনিক কৰ’না আক্ৰান্তৰ নতুন অভিলেখ ।

Exit mobile version