পাটনাৰ দুখন চিকিৎসালয়ত ৫০০ৰো অধিক চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী কৰ’নাত আক্ৰান্ত

allms patna 0

বিহাৰৰ এখন চিকিৎসালয়ত পৰ্যাপ্ত বিচনাৰ অভাৱৰ বাবে, ইতিমধ্যে কৰ’নাৰ ভয়াবহ পৰিস্থিতিৰ স’তে ৰোগীসকলে যুঁজ দিবলৈ সংগ্ৰাম কৰি আছে । এইবাৰ বিহাৰৰ স্বাস্থ্য ব্যৱস্থাত আহি পৰিছে এটা ডাঙৰ দুৰ্যোগ ।

পাটনাৰ দুখন আগশাৰীৰ চিকিৎসালয়ত ৫০০ৰো অধিক চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দেহত পোৱা গৈছে কৰ’নাৰ অৱস্থিতি।বন্ধ হোৱাৰ পথত দুয়োখন চিকিৎসালয়ৰ চিকিৎসা সেৱা ।

সংক্ৰমিতসকল অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ) আৰু পাটনা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পাটনা শাখাত কৰ্মৰত ।

তথ্য অনুসৰি চিকিৎসক, নাৰ্ছ আৰু চাফাকৰ্মীকে ধৰি তেওঁলোকৰ মুঠ ৩৮৪ জন কৰ্মচাৰী কৰ’নাৰ দ্বিতীয় ঢৌত আক্রান্ত হৈছে।

পাটনা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক ইন্দুশেখৰ ঠাকুৰে কয় যে তেওঁলোকৰ মুঠ ১২৫ জন কৰ্মচাৰী কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। ইয়াৰ ভিতৰত, ৭০ জন চিকিৎসক। ৫৫ জনৰো অধিক লোক নাৰ্ছ আৰু স্বাস্থ্য কৰ্মীৰ ।

নভেল কৰ’নাৰ দ্বিতীয় ঢৌয়ে সমগ্ৰ দেশতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিহাৰতো ইয়াৰ প্ৰভাৱ পৰিছে। বুধবাৰে বিহাৰত ১২হেজাৰ ২২২জন লোক নতুনকৈ সংক্ৰমিত হৈছে আৰু ৫৬ জন কৰ’না ৰোগীৰ মৃত্যু হৈছে।

Exit mobile version