ৰাহুলক প্ৰেম ভৰা জন্মদিনৰ শুভেচ্ছা আথিয়াৰ

1ut03k8 kl rahul athiya shetty

১৮ এপ্ৰিলত ২৯ বছৰীয়া হ’ল ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল। সম্পৰ্কৰ বিষয়ে উৰাবাতৰিৰ মাজতে প্রেমিক ৰাহুলক শুভেচ্ছা জনালে আথিয়া চেট্টীয়ে । ইনষ্টাগ্ৰামত এখন ফটো প’ষ্ট কৰি, কেপচনত আথিয়াই লিখিছে আপোনাৰ বাবে কৃতজ্ঞ বুলি ।

তেতিয়াৰ পৰাই আথিয়াৰ জন্মদিনৰ শুভেচ্ছাত কে’বাটাও প্ৰশ্ন, লাইক আৰু মন্তব্য ভাইৰেল হৈ পৰিছে। কিন্তু পিতৃ সুনীল চেট্টীৰ একমাত্ৰ শব্দটোৱে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। কি কৈছে অভিনেতাগৰাকীয়ে ?

কন্যাৰ এই জন্মদিনৰ শুভেচ্ছাত কমেণ্ট কৰিছে পিতৃ সুনীল চেট্টীয়ে আৰু সেই মন্তব্যটোত আটাইতকৈ বেছি লাইক পাইছে।

কিন্তু সুনীলে মন্তব্যটোত মাত্ৰ এটা শব্দ লিখিছিল – ‘ট্ৰুল’। জীয়ৰীৰ সম্পৰ্কত ছিলমোহৰ দিছে নেকি পিতৃ সুনীলে? নে ছোৱালীয়ে ৰাহুৰক বেছি ভালপোৱাৰ বাবে ঈৰ্ষাবোধ কৰিছে ? ইয়াক লৈ তোলপাৰ এতিয়া ছ’চিয়েল মিডিয়া ।

সুনীল চেট্টীৰ লগতে চকুত পৰিছে ৰাহুলৰ সতীৰ্থ হাৰ্দিকৰ মন্তব্যও। হাৰ্দিক পাণ্ডিয়াই লিখিছে, ‘মাই কিউটিজ’। ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিকৰ মন্তব্যই ইতিমধ্যে প্ৰায় ১৩হেজাৰ লাইক লাভ কৰিছে। হাৰ্দিকৰ স’তে অনুষা দাণ্ডেকাৰ , ছফি চৌধুৰী ,সীমা খানকে ধৰি বহুতে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছিল।

বিগত বৰ্ষত আথিয়াৰ সম্পৰ্কৰ বিষয়ে সোধাত সুনীল চেট্টীয়ে উত্তৰ দিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ কৈছিল যে আথিয়াক প্ৰথমে বিষয়টোৰ বিষয়ে সোধা উচিত। তেতিয়াহে সত্যটো জনা যাব। আৰু তাৰ পাছত ইয়াক বিতংভাৱে আলোচনা কৰিব পাৰি।

Exit mobile version