ৰাজ্যত ক’ভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি ৰাজ্য চৰকাৰে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে । আৰক্ষী প্ৰশাসনেও কঠোৰ হোৱা পৰিলক্ষিত হৈছে । তাৰ মাজতে কৰ’নাৰ নামত ৰাইজক মাধমাৰ হানিছে গুৰুফেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঙ্গৰাজ ছেত্ৰীয়ে ।
সাধাৰণ ৰাইজে অভিযোগ কৰা মতে, আজি গুৰুফেলা বজাৰত ছেত্ৰীয়ে উপস্থিত হৈ সাধাৰণ ৰাইজৰ মাজত লাঠি-চাৰ্জ কৰে।
উল্লেখযোগ্য যে, মুখত যিসকলে মুখ-নাক সম্পূৰ্ণ ঢকাকৈ মাস্ক পৰিধান কৰা নাই তেওঁলোকক লাঠিৰে কোবাই । চাহ দোকানত খোৱাৰ সময়ত মাস্ক খোলা জনকো কোবাই ছেত্ৰীয়ে । শাৰীৰিকভাৱে সক্ষম লোকো হাত সৰা নাই তেওঁৰ পৰা ।
আৰক্ষী বিষয়াজনে ৰাইজৰ মাজত এনেদৰে অত্যাচাৰ চলালে ৰাইজে ঘৰৰ পৰা ওলাব কেনেকৈ । ৰাইজৰ মাজত সেইটো এটা ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে ।
বাঙালী জনমুক্তি বাহিনীৰ মুখ্য সেনাধক্ষ কমল পালো ছেত্ৰীৰ ৰোষৰ বলি হয় । কমলে মুখত মাস্ক পৰিধান কৰি আছিল । তেওঁ সম্পূৰ্ণ সামাজিক দূৰত্ব অটুট ৰাখি এটা কাষত থিয় হৈ আছিল । দোকানৰ পৰা কিবা ক্ৰয় কৰি খাই মাক্স পৰিধান কৰোতে নাক বাহিৰ হৈ থকাৰ বাবে আৰক্ষী বিষয়াজনে তেওঁৰ ওপৰত লাঠি চালনা কৰে ।
ছেত্ৰীৰ এই আক্ৰোষমূলক কাৰ্যৰ বাবে গুৰুৰুফেলাৰ ৰাইজে সুখী নহয় । অহা সোমবাৰৰ ভিতৰত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ ৰাইজে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত দাবী জনায়, নহ’লে সোমবাৰৰ পৰা অৰ্নিদিষ্টকাল গুৰুফেলা বজাৰ বন্ধ ৰখাৰ হুংকাৰ জনায় ।