চিঠি লিখি ক্ষমা খুজি চুৰি কৰা কৰ’না ভেকচিন ঘূৰাই দিলে চুৰে

9b2c4bb8013447a6ae07b4e6f864b93e 9b2c4bb8013447a6ae07b4e6f864b93e 0 1617932819335 1619144120472

১৭০০ পালি ভেকচিন চুৰি কৰি পুনৰ ঘুৰাই দিলে চুৰে আৰু ইয়াৰ লগতে ৰাখি থৈ গ’ল চুৰে এখন চিঠি ।বৃহস্পতিবাৰে কৰ’না প্ৰতিষেধক চুৰি কৰা ঘটনাই হাৰিয়ানাৰ জিন্দ জিলাত এক হুলস্থূল পৰিৱেশ সৃষ্টি কৰিছিল।

চিকিৎসালয়খনৰ গোটেই ভেকচিনৰ ভাণ্ডাৰ খালী কৰি দিলে চুৰে। কোনো ঔষধ নাই, পৰ্যাপ্ত অক্সিজেন নাই ! চিন্তিত হৈ পৰে স্বাস্থ্য কৰ্মীসকল ।

তথ্য অনুসৰি জিন্দৰ পিপি চেণ্টাৰ জেনেৰেল হস্পিটেলৰ ষ্ট’ৰ ৰুমত এক হেজাৰ ৭১০ টা ভেকচিন পালি ৰখা হৈছিল। বৃহস্পতিবাৰে চিকিৎসালয়খনৰ ষ্টৰ ৰুম খুলি দেখে যে তাত ভেকিছিব সমূহ নাই।

ভেকচিন থোৱা কোঠালিটোৰ দুৱাৰখন ভাঙি গোটেই ভেকচিন চুৰে লৈ গৈছে । চুৰে ক্ষতি কৰা নাছিল কোঠাটোত থকা অন্যান্য ঔষধ আৰু যন্ত্ৰপাতি সমূহ।

আৰক্ষীয়ে ঘটনাটোৰ খবৰ পাই আৰু ঘটনাটোৰ তদন্ত কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে তদন্ত কৰোঁতে দেখে যে চিকিৎসালয়ৰ খনৰ ভেকছিন ৰখা কোঠাত কোনো চিচিটিভি কেমেৰা নাই আৰু নাই কোনো নিৰাপত্তাৰক্ষীও ।

কিন্তু ২৪ ঘণ্টাৰ পাছত, চুৰে লৈ যোৱা ভেকছিনৰ কাৰ্টুন আহি পূনৰ লৈ যোৱা ঠাইত ভেকচিনসমূহ থৈ যায় । উল্লেখযোগ্য যে লৈ যোৱা ভেকচিনসমূহৰ পৰা এটাও কৰ’না অপচয় হোৱা নাই। চুৰে থৈ যোৱা চিঠিখনত লিখা আছে, ‘ক্ষমা কৰিব, মই নাজানিছিলো যে ইয়াত কৰ’না ঔষধ আছে ।’

Exit mobile version