প্ৰথম শাৰীৰ স্বাস্থ্যকৰ্মীৰ বাবে খাদ্য যোগানৰ দায়িত্ব ল’লে অভিনেতা ছলমানে,কি আছে এই খাদ্যৰ তালিকাত ?

70305128 2

দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ ।মহামাৰীৰ এই সময়ত নিজৰ জীৱনৰ কথা চিন্তা নকৰি আন লোকৰ জীৱন ৰক্ষা কৰি আছে বলীউড তাৰকা ছলমান খানে ।

যুৱ সেনাৰ স’তে হাত মিলাই খাদ্য যোগান ধৰাৰ দায়িত্ব ল’লে অভিনেতাগৰাকীয়ে।খাদ্য তালিকা জনালে যুৱ সেনাৰ নেতা ৰাহুল এন কানালে।

ৰাহুলে কয় যে ছলমান খান স্বাস্থ্য কৰ্মীসকলৰ বিষয়ে চিন্তিত। অভিনেতাজনৰ প্ৰশ্ন টো হ’ল যে তেওঁলোক গোটেই দিনটো সেৱা আৰু চিকিৎসাত ব্যস্ত থাকে। নিজৰ খোৱাৰ প্রয়োজনীয় বস্তু কেনেকৈ যোগান ধৰে ।

কৰ’না সংক্ৰমণৰ ভয়ত বেছিভাগ দোকানবন্ধ হৈ আছে। সেই ভাবিয়ে ছলমানে তেওঁলোকৰ খাদ্য সম্পদৰ দায়িত্ব লয়। এনেদৰেই তেওঁ সেই লোকসকলক ধন্যবাদ জনাব বিচাৰে।

ৰাহুলে কয় যে আলোচনাৰ ২৪ ঘণ্টাৰ ভিতৰত মুম্বাইৰ ৰাস্তাত ৰাওনা হয় খাদ্য বিতৰণ কৰা গাড়ীখন।

স্বাস্থ্য কৰ্মীসকলক কি দিয়া হৈছে ?

চাহ, বিশুদ্ধ পানীৰ বটল, বিস্কুট আৰু উপমা, ‘পোহা’, ‘বৰা পাও’ আৰু ‘পাও-ভাজি’ ।স্বাস্থ্যকৰ্মীসকলৰ বাবে এটা ফোন নম্বৰৰো ব্যৱস্থা কৰা হৈছে। যদি স্বাস্থ্য কৰ্মীসকলে খাদ্য নাপায় বা হঠাতে ইয়াৰ প্ৰয়োজন হয়, খাদ্য তেওঁলোকৰ ওচৰলৈ কেৱল তেতিয়াহে আহিব যদি তেওঁলোকে তাত ফোন কৰে। ৰাহুলে কয় যে এই সেৱাটো ১৫ মে’পৰ্যন্ত চলিব ।

Exit mobile version