★ছৰ্দি, কাঁহ, কফ হ’লে পদিনা পাত জ্বালুকেৰে চাহৰ দৰে বনাই খালে বৰ আৰাম পোৱা যায়।
★ছৰ্দি হ’লে পদিনাৰ ৰস এক টোপাল দিনে দুই/তিনি বাৰকৈ নাকত দিলে উপকাৰ পোৱা যায়।
★জণ্ডিচ ৰোগত পদিনাৰ ৰসত মৌ মিলাই ১৫ দিন খালে উপকাৰ পোৱা যায়।
★নিম্ন ৰক্তচাপ ৰোগীয়ে পদিনা, ধনিয়া, জালুক বটি ক’লা নিমখেৰে চাটনি কৰি খাব লাগে।
★অৰুচি আৰু বদহজমি হ’লে পদিনা পাতৰ চাটনি খাব লাগে।
★মূৰ্ছিত ব্যক্তিৰ নাকত পদিনা ৰস দিলে চেতনা ঘূৰি আহে।
★পেটৰ বিষত পদিনাৰ চৰবৎ বনাই খাব লাগে।
★যকৃৎ বাঢ়িলে পদিনা ৰস, নেমু ৰস, পানী মিলাই সদায় খালে ৰোগ ভাল হয়।
★ এচিডিটিৰ বাবে পেট জ্বলা পোৰা কৰিলে পদিনাৰ চৰবৎ বনাই খাব লাগে।
★ঘাঁত পোক হ’লে পদিনা পাত পিহি লেপ দিব লাগে।
★ কাণৰ ভিতৰত সৰু পোক সোমালে পদিনাৰ ৰস কাণত দিলে পোক মৰে।
★হেকোঁটি হৈ থাকিলে পদিনা পাত চেনি বা মিচিৰিৰে চোবাই খালে বন্ধ হয়।
★দাঁত বিষত পদিনাৰ শুকান পাতৰ গুৰিৰে দাঁত মাজিব লাগে।
★ মুখৰ ভিতৰত ছাল ছিগা অথবা মুখেৰে দুৰ্গন্ধ ওলাই থাকিলে পদিনাৰ পাত চোবাই কিছু সময় ৰাখি মুখ ধুই পেলাব লাগে।
★পদিনা পাত চোবালে মুখৰ ভিতৰ পৰিষ্কাৰ হয়। দাঁতত লাগি থকা খাদ্যৰ কণাবোৰ চাফ হয়।
★খৰ হ’লে পাতৰ ৰস লগাই থাকিলে ভাল হয়।
★শিশুৰ কাণৰ বিষত পাতৰ ৰস দিব লাগে।
★মূৰৰ বিষত পদিনাৰ ৰস মূৰত লগাব লাগে।
★টেঙা টেঙা উদ্গাৰ আৰু বমি বমি ভাৱ হ’লে পদিনা, তেঁতেলী, বটি ক’লা নিমখ আৰু মৌ মিহলাই খালে এনে বিকাৰ গুছে ।