উত্তৰাখণ্ডত হিমবাহ বিস্ফোৰণ, মৃত্যু আঠ, ছয় সংকটজনক

জোশীমঠত পুনৰ হিমবাহ বিস্ফোৰণ । কেইমাহমানৰ পূৰ্বৰ স্মৃতি ৰোমন্থন কৰি পুনৰ হিমবাহ বিস্ফোৰণৰ ফলত মৃত্যু হ’ল আঠজনৰ । উদ্ধাৰ কৰা হৈছে তিনি শতাধিক শ্ৰমিকক । ইয়াৰ ভিতৰত ছয়জনৰ অৱস্থা সংকটজনক ।

সূত্ৰ অনুসৰি, শুকুৰবাৰে নিশা জোশীমঠৰ কাষত ভাৰত-চীন সীমান্তত লাগোৱা নিতি উপত্যকাত হিমবাহ বিস্ফোৰণ হয় । বতৰ বেয়া হোৱাৰ বাবে আজি উদ্ধাৰ কাৰ্য চলাই থকা হৈছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘এই বিপদত সকলো ধৰণৰ সাহায্য আগবঢ়োৱা হৈছে । দ্ৰুত উদ্ধাৰৰ বাবে সকলো নিৰ্দেশ জাৰি কৰা হৈছে ।’ মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে । বিগত কিছুদিন ধৰি অঞ্চলটোৰ বতৰ বেয়া হৈ আছিল । বৃষ্টিপাতৰ লগতে গভীৰ তুষাৰপাত হৈ আছিল ।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তিৰথ সিং ৰাৱতে কয়, ‘নিতি উপত্যকাৰ সুমনাত হিমবাহ খহি হোৱা বিপৰ্যয়ৰ বিষয়ে, কেন্দ্ৰীয় গৃহমন্ত্ৰীক জনোৱা হৈছে । তেওঁ সম্পূৰ্ণ সাহায্যৰ আশ্বাস প্ৰদান কৰিছে । আইটিবিপি-ৰ জোৱানসকলকো প্ৰস্তুত থাকিবলৈ দিয়া হৈছে ।’

বিগত সাত জানুৱাৰীত এই জোশীমঠৰ লাগোৱা অঞ্চলত হিমবাহ বিস্ফোৰণ হয় বৃহৎ বিপৰ্যয় সংঘটিত হৈছিল । হৰপ্পা বানত বৈ যায় চামোলি গাঁও । নয়না দেৱী ৰাষ্ট্ৰীয় উদ্যানৰ কাষত অৱস্থিত ঋষিগংগা আৰু তপোবন বিদ্যুৎ প্ৰকল্প‌ও ধ্বংস হৈ যায় । এসপ্তাহ উদ্ধাৰকাৰ্য চলাই মুঠ ৭৪ টা দেহ উদ্ধাৰ কৰে । নিখোজ ১৩৫ জনক মৃত ঘোষণা কৰা হয় ।

Exit mobile version