কৰ’নাত কালত সস্তীয়া হ’ল অক্সিজেন, প্ৰতিষেধকসহ ১৬ চিকিৎসা সৰঞ্জামৰ স্বত্ব পৰিহাৰ কৰাৰ ঘোষণা কেন্দ্ৰৰ

xoxgey 1618536391 jpg pagespeed ic o78xhd16t8 1618542446

আজি কেন্দ্ৰই ঘোষণা কৰে যে, কৰ’না ৰোগীসকলৰ চিকিৎসাত অক্সিজেন সংকটৰ স’তে যুঁজ দিবলৈ অক্সিজেন চিলিণ্ডাৰৰ ওপৰৰ পৰা আমদানি আৰু স্বাস্থ্য স্বত্ব পৰিহাৰ কৰা হৈছে । ফলত হ্ৰাস হ’ল অক্সিজেন চিলিণ্ডাৰৰ মূল্য । কেন্দ্ৰ‌ই এক বিবৃতিত জনায় যে, আগন্তুক তিনি মাহ পৰ্যন্ত স্বত্ব পৰিহাৰ কৰা হৈছে । অক্সিজেনৰ লগতে বিদেশৰ পৰা আমদানি কৰা কৰ’না প্ৰতিষেধকতো স্বত্ব পৰিহাৰ কৰা হৈছে ।

ADVERTISEMENT

দেশৰ কৰ’না পৰিস্থিতি সন্দৰ্ভত আজি এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সেই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, অক্সিজেন চিলিণ্ডাৰৰ ক্ষেত্ৰত ১২ শতাংশ পণ্য পৰিসেৱা কৰৰ সম্পূৰ্ণ স্বত্ব পৰিহাৰ কৰা হ’ব । লগতে অক্সিজেন সৰবৰাহকাৰী চিকিৎসা সৰঞ্জাম আৰু কৰ’নাৰ প্ৰতিষেধকৰ আমদানিতো স্বত্ব পৰিহাৰ ঘোষণা কৰা হৈছে । চিকিৎসাত ব্যৱহাৰ কৰা অক্সিজেন, অক্সিজেন কনছেনট্ৰেটৰ, ফ্লো মিটাৰ, ৰেগুলেটৰ, কানেক্টৰসহ একাধিক সৰঞ্জাম ।

সম্প্ৰতি ৰেমডেচিভি কৰ’না প্ৰতিষেধকৰ স্বত্ব পৰিহাৰ কৰা হৈছিল । দেশজুৰি কৰ’না ৰোগীসকলৰ চিকিৎসাত দিল্লীসহ একাধিক ৰাজ্যত অক্সিজেনৰ সংকটে চৰম পৰ্যায় পাইছে । কেন্দ্ৰৰ এই সিদ্ধান্ত‌ই সেই সংকট কিছু পৰিমাণে হ’লেও হ্ৰাস কৰিব ।

কেন্দ্ৰীয় চৰকাৰৰ এক বিবৃতি অনুসৰি, প্ৰধানমন্ত্ৰীয়ে সম্প্ৰতি ৰেমডেচিভি আৰু ইয়াৰ এপিআই-ৰ পৰা সাধাৰণ আমদানি স্বত্ব পৰিহাৰ কৰা হৈছে বুলি ঘোষণা কৰিছে । লগতে কৰ’না ৰোগীসকলক অক্সিজেন দিবলৈ ব্যৱহৃত সৰঞ্জামবোৰতো স্বত্ব পৰিহাৰ কৰা প্ৰয়োজন আছিল । অক্সিজেনৰ চাহিদা হ্ৰাস কৰিবলৈ আৰু ইয়াৰ উৎপাদন বৃদ্ধি কৰিবলৈ অক্সিজেন চিলিণ্ডাৰসহ ১৬ টা চিকিৎসা সৰঞ্জামৰ পৰা আমদানি আৰু স্বাস্থ্য স্বত্ব সম্পূৰ্ণ পৰিহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’

Exit mobile version