জনছন এণ্ড জনছনৰ কৰ’না টিকাকৰণ পুনৰ আৰম্ভ কৰিবলৈ অনুজ্ঞাপত্ৰ প্ৰদান কৰিলে আমেৰিকাই

johnson johnson vaccine

জনছন এণ্ড জনছনৰ টিকাকৰণ পুনৰ আৰম্ভ কৰিবলৈ অনুমোদন পত্ৰ প্ৰদান কৰিলে আমেৰিকাই । আমেৰিকাৰ ঔষধ নিয়ন্ত্ৰক সংস্থা ‘ফুড এণ্ড এডমিনিষ্ট্ৰেছন’ (এফডিএ)এ আৰু ‘চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল’ (চিডিচি)এ এই তথ্য প্ৰকাশ কৰে ।

কৰ’না প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত কিছু সংখ্যক লোকৰ শৰীৰত তেজ কৰাঁল বন্ধাৰ দৰে পাৰ্শ্বপ্ৰতিক্ৰিয়াই দেখা দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পাছত যোৱা ১৪ এপ্ৰিলত জনছন এণ্ড জনছনৰ টিকাকৰণ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়ে এফডিএ আৰু চিডিচি-এ । ইয়াৰ পাছত অভিযোগতোৰ বিষয়ত পৰ্যৱেক্ষণ কৰিবৰ বাবে চিকিৎসক আৰু চিকিৎসা বিজ্ঞানীসকলৰ এটা সমিতি গঠন কৰা হয় ।

শুকুৰবাৰে চিডিচি-ৰ প্ৰতিনিধিসকলৰ স’তে যৌথ সাংবাদিক বৈঠকত এফডিএ-ৰ মুখ্য জেনেট উডককে কয়, ‘বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ মৰ্মেই পুনৰ জনছনৰ টিকাকৰণ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’

ফাইজাৰ আৰু মডাৰ্নাৰ পাছত আমেৰিকাত তৃতীয় কৰ’না প্ৰতিষেধক হিচাপে ফেব্ৰুৱাৰীৰ শেষত অনুমোদন লাভ কৰিছিল জনছনৰ প্ৰতিষেধকে । মাত্ৰ এটা টিকাৰ সহায়তে জনছনৰ টিকাকৰণ সম্ভৱ । অন্য প্ৰতিষেধকৰ তুলনাত ইয়াক সংৰক্ষণ কৰাও সহজ । আমেৰিকাত ইতিমধ্যে প্ৰায় ৬৮ লাখ প্ৰতিষেধক প্ৰদান কৰা হৈছে । সম্প্ৰতি ভাৰত চৰকাৰৰ স’তেও প্ৰতিষেধক ৰপ্তানিৰ সন্দৰ্ভত আলোচনা হৈছে জনছনৰ ।

চলিত মাহৰ আৰম্ভণিতে জনছনৰ প্ৰতিষেধক গ্ৰহণ কৰা কিছু সংখ্যক মহিলাৰ শৰীৰত তেজ কৰাঁল বন্ধা সমস্যাই দেখা দিয়ে । লগতে তেওঁলোকৰ শৰীৰত প্লেটলেটৰ মাত্ৰা হ্ৰাস পোৱাৰো অভিযোগ উত্থাপন হয় । অভিযোগ লাভ কৰাৰ পাছতে সক্ৰিয় হয় এফডিএ আৰু চিডিচি । যৌথ বিবৃতিত জনোৱা হয় যে, পৰীক্ষা আৰু পৰ্যৱেক্ষণ প্ৰক্ৰিয়া সম্পন্ন নোহোৱা পৰ্যন্ত জনছনৰ প্ৰতিষেধক বন্ধ থাকিব । লগতে যিসকলৰ শৰীৰত পাৰ্শ্বপ্ৰতিক্ৰিয়াই দেখা দিছিল তেওঁলোকক কেনেধৰণৰ চিকিৎসা প্ৰদান কৰা হ’ব, তাৰো পৰীক্ষা কৰা হ’ব বুলি জনায় দুই সংস্থাৰ অধিকাৰীয়ে ।

শুকুৰবাৰে চিডিচি-ৰ মুখ্য ৰ’চেল ৱালেনেস্কিয়ে জনায় যে, তেওঁলোকে তথ্য বিশ্লেষণ কৰি পাইছে যে ইতিমধ্যে প্ৰায় ৩৯ লাখ মহিলাক জনছনৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে । তাৰ ভিতৰত ১৫ গৰাকী মহিলাৰ শৰীৰত তেজ কৰাঁল বন্ধাৰ সমস্যাই দেখা দিছে । তিনিগৰাকী মহিলাৰ মৃত্যুও হৈছে । আক্ৰান্তসকলৰ ভিতৰত ১৩ গৰাকীৰ বয়স ৫০ বছৰতকৈ কম ।

সম্প্ৰতি ইউৰোপত জনছনৰ প্ৰতিষেধকৰ পৰীক্ষণ কৰাৰ পাছত জনোৱা হয় যে, এনে ধৰণে তেজ কৰাঁল বন্ধাৰ সমস্যা অতি বিৰল । সেই প্ৰসংগ উল্লেখ কৰি ৰ’চেলে কয়, ‘আমাৰ বিশেষজ্ঞসকলে অনুমোদন পত্ৰ প্ৰদান কৰাৰ পাছত জনছনৰ টিকাকৰণ পুনৰ আৰম্ভ হৈছে । সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যৱেক্ষণ কৰা হ’ব ।’

Exit mobile version