বিশ্বৰ সর্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্টত কৰ’না, আক্রান্ত নৰওয়েৰ পর্বতাৰোহী !

mount everest covid case 1619188981

বিশ্বজুৰি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ মাউণ্ট এভাৰেষ্টটো আঘাত কৰিছে কৰ’নাই।

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত কৰ’না ভাইৰাছ বিয়পাক লৈ চিন্তিত বিজ্ঞানীসকল । তথ্য অনুসৰি এভাৰেষ্ট আধাৰ শিবিৰত নৰওয়েৰৰ এজন পূৰ্বতাৰোহিৰ দেহত পোৱা গৈছে কৰ’নাৰ উপস্থিতি।

প্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্টত পোৱা গৈছে এজনৰ কৰ’না পজিটিভ। বিগত বৰ্ষত মহামাৰী কৰ’না ভাইৰাছৰ বাবে বন্ধ কৰা হৈছিল পৰ্বতাৰোহণ ।

২০১৯ ৰ মে’ মাহৰ পাছত এই মাহত প্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্টত ভৰি ৰাখিছিল অভিযাত্ৰীসকলে ।

পৰ্বতাৰোহীজনক মাউণ্ট এভাৰেষ্ট আধাৰ শিবিৰৰ পৰা হেলিকপ্টাৰেৰে তললৈ নমাই অনা হৈছে। কাঠমাণ্ডুৰ এখন চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হয় । আৰ্নল্ড নেছ নামৰ অভিযাত্ৰীজনে এটা সংবাদ সংস্থাক মেচেজ কৰি কয় যে তেওঁ ১৫ এপ্ৰিলত কৰ’নাত আক্ৰান্ত হয়।

বৃহস্পতিবাৰে তেওঁৰ কৰ’না পৰীক্ষা পুনৰ নিগেটিভ আহিছে, আৰু তেওঁ বৰ্তমান সেই ঠাইৰে এটা স্থানীয় পৰিয়ালৰ স’তে আছে।

পৰ্বতাৰোহণ বিশেষজ্ঞসকলে ঘটনাটোক লৈ যথেষ্ট আশংকা প্ৰকাশ কৰিছে। অষ্ট্ৰেলিয়াৰ বিখ্যাত গাইড লুকাল ফাৰ্টেনবাকে আশংকা কৰিছে যে ভাইৰাছটো সমগ্ৰ এভাৰেষ্ট আধাৰ শিবিৰলৈ বিয়পিব পাৰে।

তাত শ শ পৰ্বতাৰোহী, গাইড আৰু সহায়ক সংক্ৰমিত হ’ব পাৰে । তেওঁলোকৰ বাবে এটা দ্ৰুত কৰ’না পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগিব।

ফাৰ্টেনবাকে কয়, ‘বেচকেম্পটোক জৰুৰীভাৱে কৰ’না পৰীক্ষাৰ প্ৰয়োজন। যদি কৰ’না ধৰা পৰে, তেওঁলোকক কোৱাৰেন্টাইন কৰিব লাগিব আৰু সংযোগ বিচ্ছিন্ন কৰিব লাগিব।

এইটো অতি সোনকালে কৰাৰ প্ৰয়োজন, অন্যথা বহুত পলম হ’ব । পৰ্বতাৰোহণ বিভাগৰ সঞ্চালক মীৰা আচাৰ্যৰ মতে, এতিয়ালৈকে কোনো আনুষ্ঠানিক কৰ’না পজিটিভ ধৰা পৰা নাই। কাৰোবাৰ নিউমোনিয়া বা উচ্চতাৰ দুৰ্বলতাৰ প্ৰতিবেদন পোৱা গৈছে।

Exit mobile version