কিমান অদ্ভুত কাণ্ড নঘটে এই বিশাল দেশৰ প্রান্তে প্রান্তে । প্ৰত্যেক দিনাই ঘটে আচৰিত কিছু কাণ্ড । কেতিয়াবা ই আনন্দ আনে, কেতিয়াবা দুখ । কেতিয়াবা ই আমাক আকৌ আচৰিটো কৰে।
এনে এক বিস্ময়কৰ ঘটনা ঘটিল মহাৰাষ্ট্ৰৰ পুনে জিলাৰ লোনি কালভুৰ অঞ্চলত । তাৰে এখন স্থানীয় আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰা হৈছে। অভিযোগটো কিছুমান কুকুৰা পামৰ মালিকে দাখিল কৰিছে।
তেওঁলোকৰ অভিযোগ শুনি, চকু কপালত উঠিল আৰক্ষী থানাৰ বিষয়াসকল। তেওঁলোকে এটা লিখিত অভিযোগত এইটো কৈছিল যে কুকুৰাবোৰে যোৱা কেইসপ্তাহমানধৰি কণী দিয়া নাই।
সেই অভিযোগটো প্ৰকৃততে কি আছিল ? কুকুৰা পামৰ মালিকসকলে কয় যে তেওঁলোকৰ কুকুৰাবোৰে কণী দিয়া বন্ধ কৰি দিছে যেতিয়াৰ পৰা এটা বিশেষ কোম্পানীয়ে তেওঁলোকক খাদ্য খুৱাইছিল আৰু সেইকাৰণে কুকুৰাৰ ব্যৱসায়ত বহুত ক্ষতিগ্ৰস্ত হৈছে ।
ঘটনাটোৰ তদন্ত কৰিবলৈ আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈছে। অৱশ্যে, আলোচনা সাপেক্ষে, খাদ্য কোম্পানীটোৱে কুকুৰা মালিকসকলক এবাৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ সন্মত হৈছে বুলি কোৱা হয়।
কুকুৰাখাদ্য নিৰ্মাতা জন আহমেদ নগৰৰ। তথ্য অনুসৰি কুকুৰাৰ মালিকসকলে ১১ এপ্ৰিলত এটা কোম্পানীৰ পৰা মুৰ্গীৰ খাদ্য ক্ৰয় কৰিছিল । কিন্তু কুকুৰাবোৰে খোৱাৰ পাছৰে পৰা কণী দিয়া বন্ধ কৰে।
ইয়াৰ কেইসপ্তাহমানৰ পাছত, কুকুৰাৰ মালিকসকলে বৃহৎ লোকচানৰ সন্মুখীন হয়। তেতিয়াই তেওঁলোকে অভিযোগ দাখিল কৰিবলৈ দলবদ্ধভাৱে আৰক্ষীৰ কাষ চাপে ।






























