দিল্লীত ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ তিনি মে’লৈ বৃদ্ধি কৰা হ’ল তলাবন্ধ

74iio49o delhi lockdown

ক’ভিড সংক্ৰমণ ৰোধ কৰিবলৈ দিল্লীত তলাবন্ধৰ ম্যাদ এসপ্তাহ বৃদ্ধি কৰি তিনি মে’ পৰ্যন্ত জাৰি কৰা হয় । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি এক সংবাদ মেলত ৰাজ্যত তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰে ।

দিল্লীত ক’ভিডৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পাছত প্ৰথম তলাবন্ধ ঘোষণা কৰা হয় যোৱা ১৯ এপ্ৰিলত । এই তলাবন্ধ ছয় দিনৰ বাবে জাৰি কৰা হৈছিল । প্ৰথম তলাবন্ধৰ ম্যাদ সম্পূৰ্ণ হ’ব অহা কালি পুৱা পাঁচ বজাত । ইয়াৰ পাছতেই আৰম্ভ হ’ব সাত দিনৰ দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ । শুকুৰবাৰে ৰাজ্যখনত নতুনকৈ ২৪ হেজাৰ ৩৩১ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হয় ।

দিল্লীৰ এক চৰকাৰী সূত্ৰ অনুসৰি, ৰাজ্যত তলাবন্ধৰ ম্যাদ বৃদ্ধিৰ ঘোষণা আৱশ্যকীয় আছিল । কাৰণ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পাছত ৰাজ্যত সংক্ৰমিতৰ হাৰ ৩২ শতাংশ অতিক্ৰম হৈছে । হাস্পতালবোৰত ক’ভিড ৰোগীসকলৰ বাবে পৰ্যাপ্ত বিছনাৰ অভাৱ হৈছে । অক্সিজেনৰ নাটনি হৈছে ।

ৰাজ্যৰ অক্সিজেনৰ অভাৱ পূৰণ কৰিবলৈ কেন্দ্ৰৰ লগতে বিভিন্ন ৰাজ্যৰ পৰাও সহায় বিচাৰিছে মুখ্যমন্ত্ৰী কেজৰিৱালে । সেয়ে তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰি সংক্ৰমণৰ হাৰ হ্ৰাস কৰাৰ চেষ্টা কৰিছে প্ৰশাসনে ।

Exit mobile version