প্ৰধানমন্ত্ৰীৰ ৭৬তম ‘মন কি বাত’

প্ৰতিষেধকৰ সন্দৰ্ভত চলা উৰাবাতৰিক গুৰুত্ব নিদিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

The Prime Minister Shri Narendra Modi addressing at the webinar for effective implementation of Union Budget in Defence Sector

ক’ভিড পৰিস্থিতিত প্ৰতিষেধকক লৈ চলি থকা উৰাবাতৰিক গুৰুত্ব নিদিবলৈ পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‌। আজি ‘মন কি বাত’ অনুষ্ঠানত ভাৰতৰ কৰ’না পৰিস্থিতিৰ বিষয়ত মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । অনুষ্ঠানটোত তেওঁ কয়, ‘আমি কৰ’নাৰ প্ৰথম ঢৌক পৰাজিত কৰিছিলো । আত্মবিশ্বাস আছিল মনত । কিন্তু ইতিমধ্যে দেশ বিধ্বস্ত । কৰ’নাই আমাৰ ধৈৰ্য আৰু সহনশীলতা পৰীক্ষা কৰিছে ।’

কৰ’নাৰ বিৰুদ্ধে যুঁজত কেন্দ্ৰীয় চৰকাৰ ৰাজ্যসমূহৰ লগত আছে বুলিও বাৰ্তা দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয়, ‘আপোনালোকে জানে যে, প্ৰত্যেকটো ৰাজ্যত বিনামূলীয়া প্ৰতিষেধক প্ৰেৰণ কৰিছো আমি । ৪৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ সকলোৱে এই সুবিধা গ্ৰহণ কৰিব পাৰিব । এক মে’ৰ পৰা ১৮ বছৰ বয়সৰ ঊৰ্ধ্বৰ সকলেও প্ৰতিষেধক লাভ কৰিব । ক’ভিডৰ বিৰুদ্ধে যুঁজত ৰাজ্যসমূহক সকলো ধৰণৰ সহায় কৰিছে কেন্দ্ৰই ।’

আজি ‘মন কি বাত’ৰ ৭৬তম অনুষ্ঠান । ইতিমধ্যে দেশত দৈনিক প্ৰায় চাৰে তিনি লাখকৈ লোক সংক্ৰমিত হৈছে । এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘সম্প্ৰতি কৰ’নাক পৰাজিত কৰাই আমাৰ মূল লক্ষ্য । প্ৰেতিষেধক গ্ৰহণ কৰাৰ লগতে সাৱধানতা অৱলম্বন কৰাও প্ৰয়োজনীয় । সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে সুস্থতাৰ হাৰো বৃদ্ধি পাইছে ।’

Exit mobile version