৫৩ নাবিকৰ স’তে ডুব গ’ল ‘নাংগালা ৪০২’

1619312760 submarine

যোৱা বুধবাৰে প্ৰায় ৫৩ জন নাবিকৰ স’তে ডুবা জাহাজখন তলিত পৰিছে বুলি ঘোষণা কৰে নৌবাহিনীয়ে । বালিৰ উত্তৰ উপকূলৰ পৰা যাত্ৰা আৰম্ভ কৰা ‘কে আৰ আই নাংগালা ৪০২’ নামে জাহাজখনত ফাট মেলে ফলত জাহাজখন দুভাগ হৈ যায় ।

যি স্থানৰ পৰা জাহাজখন সমুদ্ৰৰ গভীৰত নামিছিল সেই অঞ্চলটোত পানীৰ ওপৰত তেলৰ পাতল তৰপ পৰিলক্ষিত হয় । তেলখিনি ডুবা জাহাজখনৰ বুলি দাবী জনাইছে নৌবাহিনীয়ে । লগতে সেই অঞ্চলটোৰ কাষৰ পৰা কিছু সংখ্যক সম্পদ উদ্ধাৰ হৈছে, সেইসমূহ ডুবা জাহাজখনৰ ধ্বাংসাবশেষ বুলি দাবী কৰে নৌ বিষয়াসকলে । সেয়ে জাহাজখন ইতিমধ্যে সমুদ্ৰৰ তলিত পৰিছে বুলি একপ্ৰকাৰ নিশ্চিত তেওঁলোক ।

এই পৰ্যন্ত জাহাজখনৰ নিখোজ ৫৩ জন নাবিকৰ দেহ উদ্ধাৰ হোৱা নাই । বিষয়াসকলে জনায় যে, শনিবাৰেই নাবিকসকলৰ অক্সিজেন শেষ হৈ গ’ল হয় । সেয়ে তেওঁলোকৰ জীয়াই থকাৰ আশা খুবেই ক্ষীণ ।

জাহাজখন পানীত নমাৰ পাছত ‌কিবা কাৰণত বিস্ফোৰণ ঘটিছিল নেকি তাক লৈও প্ৰশ্ন উত্থাপন হৈছিল । এজন নৌ-বিষয়াই কয়, ‘তিনিশৰ পৰা পাঁচশ মিটাৰ পানীৰ গভীৰত যোৱাৰ সময়ত জাহাজখনৰ কিছু অংশত ধীৰে ধীৰে ফাট মেলিবলৈ লয় । বিস্ফোৰণ হোৱা হ’লে সেই শব্দ, তৰংগৰ মাধ্যমত আমি শুনিলো হেতেন ।’

জাহাজখন প্ৰায় ছয়শৰ পৰা সাতশ মিটাৰ (২০০০-২৩০০ফুট) গভীৰ তলিত পৰিছে বুলি ধাৰণা কৰিছে নৌবাহিনীয়ে । জাহাজখনৰ মাত্ৰ দুশ মিটাৰ (৬৫৫ ফুট) গভীৰ পানীত যোৱাৰ ক্ষমতা আছিল । ইয়াতেকৈ বেছি তলত নামিলে পানীৰ চাপ নিয়ন্ত্ৰণৰ ক্ষমতা হেৰুৱালে হয় জাহাজখনে ।

কেনেকৈ এই দুৰ্ঘটনাত সংঘটিত হ’বলৈ পালে তাক লৈ এই পৰ্যন্ত নিশ্চিত নহয় নৌ-বিষয়াসকল । তেওঁলোকে ধাৰণা কৰিছে যে, বৈদ্যুতিক ত্ৰুটিৰ বাবেই হয়তো বিপদৰ বিষয়ে জানিও জাহাজখনক উপৰলৈ উভতাই অনাৰ চেষ্টা কৰি ব্যৰ্থ হয় নাবিকসকল ।

নৌ-বিষয়াসকলে জনায় যে, বিগত দুদিনত বাহিনীৰ উদ্ধাৰকাৰীসকলে এটা টৰ্পেড ষ্ট্ৰেটনাৰ, জাহাজৰ পেৰিস্কোপ সচল ৰাখিবৰ ব্যৱহৃত এটা গ্ৰীছৰ বটল আৰু নাবিকসকলৰ ব্যৱহৃত প্ৰাৰ্থনাৰ সামগ্ৰী উদ্ধাৰ কৰিছে । লগতে এটা কুলাণ্ট পাইপৰ অংশ‌ও উদ্ধাৰ হৈছে, যিটো ২০১২ত দক্ষিণ কোৰিয়াৰ পৰা এই জাহাজখনত স্থাপন কৰা হৈছিল । উদ্ধাৰ হোৱা ধ্বংসাৱশেষ বিশ্লেষণ কৰিব ইন্দোনেছিয়াসহ একাধিক দেশৰ উদ্ধাৰকাৰী দলে ।

১৯৮১ৰ পৰাই জাৰ্মানীত নিৰ্মিত এই জাহাজখন ব্যৱহাৰ কৰি আহিছে ইন্দোনেছিয়াৰ নৌবাহিনীয়ে । ইন্দোনেছিয়াৰ ২০ খন জাহাজ, চাৰিখন বিমান আৰু অষ্ট্ৰেলিয়াৰ এখন যুদ্ধ জাহাজে নিখোজ জাহাজখনৰ সন্ধান অভিযান চলাই । ভাৰতীয় নৌবাহিনীয়েও সহায়ৰ হাত আগবঢ়ায় । শনিবাৰেই উদ্ধাৰ কাৰ্যত যোগ দিয়াৰ কথা আছিল ছিংগাপুৰৰ উদ্ধাৰকাৰী জাহাজসমূহৰ আৰু আমেৰিকাৰ বিশেষ উদ্ধাৰকাৰী বিমান ‘পি-৮ প’ছাইডন’ৰ । অৱশ্যে সম্প্ৰতি ইয়াৰ প্ৰয়োজন নাই বুলি জনাইছে ইন্দোনেছিয়াৰ নৌবাহিনীয়ে ।

Exit mobile version