অলপ দিনৰ ভিতৰতে আক্ৰাছুৰ কৰ্মকৰ্তাৰ সাল সলনি ঘটাই নতুন ৰূপ দিয়া হ’ব আক্ৰাছুক : আক্ৰাছু প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ ৰায়

WhatsApp Image 2021 04 26 at 1.44.39 PM

কোচৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা জনগোষ্ঠীটোক জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ দাবীত ১৯৯০ চনতে কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াত জন্ম লাভ কৰা সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু বৰ্তমান বহুধা বিভক্ত হোৱাত দুখ প্ৰকাশ কৰিছে আক্ৰাছুৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ ৰায়ে ।

আজি এক সাক্ষাৎকাৰত আক্ৰাছুৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ ৰায়ে কয় যে ব্যক্তিগত স্বাৰ্থৰ বাবেই আক্ৰাছুক বিভিন্ন জনে বিভিন্ন ভাগত বিভক্ত কৰিছে । অলপ দিনৰ ভিতৰতে জিলা আৰু আঞ্চলিক সমিতি সমুহৰ কৰ্মকৰ্তা সকলোৰ লগত আলোচনা বিলোচনা কৰি আক্ৰাছুক একত্ৰিকৰন কৰি কোচৰাজবংশী জনগোষ্ঠীৰ দাবী জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীক শক্তিশালী ৰূপ দিয়া হ’ব ।

লগতে প্ৰদীপ ৰায়ে কেএছি সম্পৰ্কে কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাছৰখানাত যিধৰনে ভাষণ প্ৰদান কৰিছে সেইভাষণ কোনো কাৰ্য্যকৰী হোৱা নাই ।কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ ৯০শতাংশ হৈছে বুলি কোৱা কথাটো মিছা কথা বুলিও প্ৰকাশ কৰে ৰায়ে।

কিছু দিনৰ ভিতৰতে কোচৰাজবংশী জনগোষ্ঠীৰ আন্দোলনক শক্তিশালী কৰিবলৈ নতুন নতুন মুখৰ সংযোজন ঘটাই নতুনকৈ শক্তিশালী আক্ৰাছুক শক্তিশালী কৰি আন্দোলনৰ কাৰ্যসূচীও হাতত লব বুলি কয় প্ৰদীপ ৰায়ে।

Exit mobile version