আমেৰিকাই সাহায্যৰ বাৰ্তাৰে ৩১৮টা অক্সিজেন কনছেনট্ৰেটৰ প্ৰেৰণ কৰিলে ভাৰতত

ভাৰতত উদ্বেগজনক হাৰত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে সহায়ৰ হাত আগবঢ়ালে আমেৰিকাই । ভাৰতৰ অনুৰোধ অনুসৰি প্ৰতিষেধক তৈয়াৰ কৰা কেঁচা সামগ্ৰী প্ৰেৰণ কৰিব বুলি জনায় বাইডেন প্ৰশাসনে । ইয়াৰ মাজতেই ৩১৮ টা অক্সিজেন কনছেনট্ৰেটৰ প্ৰেৰণ কৰিলে আমেৰিকাই । আজি এই কনছেনট্ৰেটৰসমূহ ভাৰতলৈ আহি পায় ।

সূত্ৰ অনুসৰি, কালি অক্সিজেন কনছেনট্ৰেটৰসমূহ লৈ আমেৰিকাৰ জন এফ কেনেডি আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰে বিমানসমূহে । আজি দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত আহি পায় বিমানসমূহ । চাহিদা অনুসৰি এইসমূহ সৰবৰাহ কৰা ।

আমেৰিকাৰ লগতে ব্ৰিটেইনেও সাহায্য আগবঢ়ায় । অক্সিজেন কনছেনট্ৰেটৰ, ভেণ্টিলেটৰসহ বিভিন্ন জীৱনদায়ী সৰঞ্জাম প্ৰেৰণ কৰিব তেওঁলোকে । ছয়শৰো অধিক এই সা-সৰঞ্জাম কে’বা পৰ্যায়ত প্ৰেৰণ কৰা হ’ব ভাৰতত । প্ৰথম পৰ্যায়ত কালি পুৱাই প্ৰেৰণ কৰিব দিল্লীত । আগন্তুক কেই সপ্তাহত ব্ৰিটেইনে ৪৯৫টা অক্সিজেন কনছেনট্ৰেটৰ, ১২০টা স্বয়ংক্ৰিয় ভেণ্টিলেটৰ আৰু ২০টা মানৱচালিত ভেণ্টিলেটৰ প্ৰদান কৰিব ভাৰতক ।

Exit mobile version