নাই এম্বুলেন্সে, ৰচীৰে গাড়ীৰ ওপৰত বান্ধি শ্মশানলৈ নিলে পুত্ৰই পিতৃৰ মৃতদেহ

njyjgj

কৰ’নাৰ দ্বিতীয় ঢৌত কঁপি উঠিছে ভাৰত । চিকিৎসালয়ত নাই পৰ্যাপ্ত বিচনা ,নাই অক্সিজেন , খহি পৰিছে স্বাস্থ্যৰ আন্তঃগাঁথনি , অক্সিজেনৰ অভাৱত ইতিমধ্যে মৃত্যু হৈছে বহুতো।

বাৰে বাৰে সংবাদ মাধ্যমৰ পৰ্দাত ভাঁহি আহিছে হৃদয়বিদাৰক একাধিক ছবি। যি দেখি ঠাণ্ডা হৈ পৰিছে তেজ, ভয়ত কঁপি উঠিছে সাধাৰণ লোক। এনে এখন ছবি দেখা পোৱা গ’ল উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ৰাস্তাত । বাৰে বাৰে চিকিৎসালয়ৰ সন্মুখত ৰৈ অপেক্ষা কৰোঁতেও পোৱা নাই এম্বুলেন্সে ।

অৱশেষত, নিজৰ পিতৃক অন্তিম শেষকৃত্য কৰিবলৈ, পুত্ৰই পিতৃৰ মৃতদেহটো ৰচীৰে গাড়ীৰ ওপৰত বান্ধি শ্মশানলৈ লৈ গৈছে |

তথ্য অনুসৰি বৃদ্ধজন কৰ’নাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। সঠিক স্বাস্থ্যবিধি মানি, নিয়ম অনুসৰি তেওঁৰ শৰীৰটো শেষকৃত্য কৰাৰ কথা । কিন্তু ক’ত ? ছবিখন প্ৰকাশৰ পাছত স্বাস্থ্য ব্যৱস্থাৰ অৱস্থা আকৌ এবাৰ স্পষ্ট হৈ পৰিছে।

দেখা গৈছে যে মৃতদেহটো চাৰিচকীয়া বাহন এখনৰ ওপৰত ৰচীৰে বান্ধি থোৱা হয়। পুত্ৰই এনেদৰে তেওঁৰ দেউতাকক শ্মশানলৈ লৈ যায় আৰু তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰে।

Exit mobile version