ৰােগ প্ৰতিৰােধ ক্ষমতা বঢ়াবলৈ মানি চলক বিশ্ব স্বাস্থ্য সংস্থাৰ এইসমূহ নতুন দিহা-পৰামর্শ

কৰ’না সংক্ৰমণৰ পৰা সাৰিবলৈ কি খাব, কি নাখাব

outbreak coronavirus world 1024x506px 1

দেশত কৰ’না ভাইৰাছৰ সংক্রমণে অধিক ভয়াৱহৰূপ ধাৰণ কৰাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই ক’ভিডৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ কিছু দিহা-পৰামৰ্শ আগবঢ়ালে।

হুৰ বিশেষজ্ঞৰ মতে, এই মাৰণ ৰােগৰ পৰা নিজক ৰক্ষা কৰিবলৈ হ’লে ৰোগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰাই একমাত্র উপায়। সুষম খাদ্য গ্রহণ কৰিলে ৰােগ প্ৰতিৰােধ ক্ষমতা বাঢ়ে আৰু ক’ভিডৰ দৰে সংক্রামক ৰােগত আক্রান্ত হােৱাৰ শংকা সীমিত হয়।

হুৰ মতে খাদ্যপ্রাণ, খনিজ খাদ্য, আঁহযুক্ত খাদ্য, প্র’টিন আৰু এন্টিঅক্সিডেন্টযুক্ত খাদ্য পর্যাপ্ত পৰিমাণত গ্ৰহণ কৰিলে ক’ভিড প্রতিৰােধত সহায়ক হয়। এই সময়ছােৱাত শৰীৰৰ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰিবলৈ এজন ব্যক্তিয়ে দৈনিক পাঁচ গ্রামৰ অধিক নিমখ খােৱা অনুচিত।

খাদ্যৰ তালিকাত মাছ, এভ’কাডাে, জলফাইতেল, মাংস, নাৰিকল, পনীৰ, ঘিঁউ ৰখা উচিত। হু নির্দেশনা অনুসৰি দৈনিক আঠ-১০ গিলাচ পানী পান কৰিব লাগিব, যাতে শৰীৰত পানীৰ অভাব ঘটে। তদুপৰি ক’ভিড সংক্ৰমণৰ পৰা হাত সাৰিবলৈ হলে এই সময়ছােৱাত চেনি কম পৰিমাণত গ্ৰহণ কৰক।

হুৰ পৰামর্শ অনুসৰি আমিষ আহাৰ গ্রহণ কৰিলে ৰােগ প্ৰতিৰােধ ক্ষমতা বাঢ়ে। সপ্তাহত দুবাৰকৈ মাংস, মাছ, কণী, গাখীৰ, মটৰ মাহ আদি খাদ্যৰ তালিকাত অন্তর্ভুক্ত কৰক। বাদাম, গােমধান, পেস্তা আপােনাৰ আহাৰ তালিকাত ৰাখক। তদুপৰি ক’ভিড কালত পর্যাপ্ত পৰিমাণত সেউজীয়া শাক-পাচলি, সতেজ ফলমূল খােৱা জৰুৰী।

সংক্রমণ প্ৰতিৰােধৰ ক্ষেত্ৰত আমলখি,মধুৰীআম, আপেল, কল, আঙুৰ, আনাৰস, অমিতা, কমলা, মৌচুমী, নেমু আদি ফল খােৱা উচিত। তদুপৰি নহৰু, আদা, ধনীয়া, জলকীয়া আদিও শৰীৰৰ প্ৰতিৰােধ ক্ষমতা বৃদ্ধিৰ বাবে কার্যকৰী। ব্রকলী, পালেং, লেটুছ আদিও খাদ্যৰ তালিকাত ৰাখক। বিশ্ব স্বাস্থ্য সংস্থাই সকলাে শাক-পাচলি, ফলমূল আদি ভালদৰে পানীৰে ধূই পৰিষ্কাৰ কৰিহে খাদ্য হিচাপে গ্রহণৰ পৰামর্শ দিছে।

তদুপৰি ক’ভিডৰ সংক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ হলে প্রতিজন ব্যক্তিয় দৈনিক শাৰীৰিক ব্যায়াম, যােগাসন, ধ্যানৰ অনুশীলনৰ লগতে পর্যাপ্ত নিদ্রাগ্ৰহণ কৰিব লাগিব।

Exit mobile version