দিল্লী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, কৰ্মীসকলৰ বাবে পঞ্চতৰকা হোটেলত ক’ভিড চেণ্টাৰ চৰকাৰৰ

6beh4hhc ashoka

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, অধিবক্তা, কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল কৰ’নাত আক্ৰান্ত হৈছে । তেওঁলোকৰ চিকিৎসাৰ বাবে এটা পঞ্চতাৰকা হোটেলক ক’ভিড কেয়াৰ চেণ্টাৰত পৰিণত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে ।

চাণক্যপুৰীৰ ছাব ডিভিছনেল মেজিষ্ট্ৰেট গীতা গ্ৰ’ভৰে জনায় যে, মধ্য দিল্লীৰ অশোকা হোটেলৰ এশটা কোঠালীক এই কামত ব্যৱহাৰ কৰা হ’ব । তত্বাৱধানত থাকিব প্ৰাইমছ হাস্পতাল ।

ইতিমধ্যে এই বিষয়ত এটি নিৰ্দেশিকা জাৰি কৰা হৈছে । নিৰ্দেশিকাত কোৱা হৈছে, ‘চেণ্টাৰত থকা ৰোগীসকলে ব্যৱহাৰ কৰা সৰঞ্জামসমূহ নষ্ট কৰাৰ দায়িত্ব হাস্পতালৰ । হোটেলৰ কৰ্মীসকলক সকলো ধৰণৰ সুৰক্ষাৰ সৰঞ্জাম প্ৰদান কৰা হ’ব । তেওঁলোকক প্ৰয়োজনীয় প্ৰশিক্ষণো দিয়া হ’ব । এম্বুলেন্স সেৱাও থাকিব ।’

লগতে কোৱা হৈছে, ‘হাস্পতালে হোটেলক চিকিৎসাৰ বাবে হোৱা ব্যয় দিব লাগিব । আকৌ চৰকাৰে সেই ব্যয় উভতাই দিব হাস্পতালক । চেণ্টাৰত প্ৰয়োজন হোৱা চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীৰ ব্যৱস্থা প্যাইমছ হাস্পতালেই কৰিব লাগিব ।’

দিল্লীত সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত চিকিৎসালয়সমূহত বিছনাৰ অভাৱ হৈছে । অক্সিজেনৰো নাটনি হৈছে । বিছনাৰ অভাৱ হোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিলে কেজৰিৱাল চৰকাৰে ।

Exit mobile version