ক’ভিড-১৯ৰ স’তে সাধাৰণ শ্বাসকষ্টৰ প্রভেদ কেনেকৈ চিনিব ?

ক’ভিড-১৯ৰ সংক্ৰমণৰ ক্ষেত্ৰত বহু ব্যক্তিয়ে উপসর্গ হিচাপে শ্বাসকষ্ট অনুভৱ কৰে। কিন্তু সাধাৰণ শ্বাসকষ্টৰ স’তে ক’ভিড সংক্রমণৰ শ্বাসকষ্টৰ কিছু প্রভেদ আছে।

ক’ভিড ভাইৰাছ শৰীৰত প্ৰৱেশ কৰাৰ পাছত ই হাওঁফাওঁত সংক্রমণ ঘটায় আৰু হাওঁফাওঁত ক্ষুদ্র ক্ষুদ্র থলি সৃষ্টি কৰে। ফলত অক্সিজেন গ্রহণত সমস্যা হয় আৰু এনেবােৰ মােনাত কার্বনডাই অক্সাইড জমা হ’বলৈ ধৰে।

তেতিয়াই ৰােগীয়ে শ্বাসকষ্ট অনুভৱ কৰে। সাধাৰণ ভাইৰেল সংক্রমণ বা পানী লগা জ্বৰত নাক বন্ধ হয়, নাকেৰে পানী নির্গত হয়; কিন্তু ক’ভিড-১৯ৰ ক্ষেত্ৰত সচৰাচৰ এনে লক্ষণ প্রকট নহয়।

ক’ভিড সংক্রমণত ৰােগীৰ সঘনে হাঁচি আহে, চকু ৰঙা হয় আৰু এলার্জিক ৰাইনাইটিছৰ লক্ষণে দেখা দিয়ে। ৰােগীয়ে ডিঙিত বিষ অনুভৱ কৰিব পাৰে।

তদুপৰি শ্বাস-প্রশ্বাসৰ ক্ষেত্ৰত অসহজ অনুভৱ কৰে। অক্সিজেনৰ পৰিমাণ কমাৰ ফলতে ক’ভিড ৰােগীয়ে শ্বাসকষ্টত ভােগে।

Exit mobile version