কৰ’নাত আক্রান্ত জনপ্ৰিয় দক্ষিণ তাৰকা আল্লু অৰ্জুন

Allu Arjun Unthinkable record

জনপ্ৰিয় দক্ষিণ তাৰকা আল্লু অৰ্জুনৰ দেহত পোৱা গৈছে কৰ’নাৰ অৱস্থিতি।অভিনেতাগৰাকীয়ে বুধবাৰে এক ইনষ্টাগ্ৰাম প’ষ্টত এই কথা ঘোষণা কৰে। আল্লু অৰ্জুনে এটা বিবৃতি শ্বেয়াৰ কৰিছে, য’ত তেওঁ লিখিছে যে তেওঁ সকলো ক’ভিড প্ৰটোকল অনুসৰণ কৰি আছে আৰু নিজকে হোম কোৱাৰেন্টাইন কৰি ৰাখিছে ।

ADVERTISEMENT

অভিনেতাজনে তেওঁৰ অনুৰাগীসকলক তেওঁৰ বিষয়ে চিন্তা নকৰিবলৈ আৰু নিজকে টিকাকৰণ কৰিবলৈ অনুৰোধ কৰিছে । লগতে তেওঁ লিখিছে যে, “যিসকলে মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকক ক’ভিড পৰীক্ষা কৰাবলৈ মই অনুৰোধ জনাইছো । ঘৰত থাকক, সুৰক্ষিত থাকক আৰু সুযোগ পালে টিকাকৰণ কৰক ।”

“মই মোৰ সকলো শুভাকাংক্ষী আৰু অনুৰাগীক অনুৰোধ জনাইছো । মই ভালে আছোঁ মোৰ বিষয়ে চিন্তা নকৰিব।”

Exit mobile version