কৰ’না প্ৰতিৰােধৰ বাবে দেশবাসীক সুৰক্ষা বিধি কঠোৰভাৱে পালন কৰিবলৈ পৰামর্শ দিলে কেন্দ্রীয় চৰকাৰে।
দেশবাসীক মাস্ক পৰিধানৰ বাবে বাৰম্বাৰ অনুৰােধ জনাই অহা চৰকাৰে এইবাৰ সকলােকে ঘৰত থকাৰ সময়তাে ক’ভিড সংক্ৰমণৰ পৰা নিজক সুৰক্ষিত ৰাখিবলৈ মাস্ক পিন্ধিবলৈ পৰামর্শ দিলে।
সােমবাৰে নিটি আয়ােগৰ সদস্য ভি কে পলে এই পৰামৰ্শ আগবঢ়াই কয়, ‘এতিয়া ঘৰতাে মাস্ক পৰিধান কৰাৰ সময় উপস্থিত হ’ল। এই পৰিস্থিতিত বিনা প্রয়ােজনত ঘৰৰ বাহিৰলৈ নােলাব।
পৰিয়ালৰ সদস্যৰ মাজত থাকিলেও মাস্ক পৰিধান কৰক। মাস্ক পিন্ধাটো অত্যন্ত জৰুৰী। তদুপৰি কোনাে ব্যক্তিক আপােনাৰ ঘৰলৈ এই সময়ত আমন্ত্রণ জনােৱাৰ পৰা বিৰত থাকক।