ঘৰতে পালছ অক্সিমিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব ?

oximeter 1619516524

ঘৰতে পালছ অক্সিমিটাৰৰে ৰক্তত অক্সিজেনৰ পৰিমাণ জুখিব বিচাৰিলে আপুনি প্রথমে এটা পালছ অক্সিমিটাৰ সংগ্ৰহ কৰিব লাগিব। কেন্দ্রীয় চৰকাৰে পালছ অক্সিমিটাৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু নির্দেশনা জাৰি কৰিছে।

অক্সিমিটাৰ ব্যৱহাৰৰ পূর্বে নেইল পলিচ থাকিলে সেয়া আঁতৰাই ল’ব লাগিব। হাতৰ আঙুলি শীতল হৈ থাকিলে উষ্ণ কৰি লওক। অক্সিজেনৰ পৰিমাণ জোখাৰ পূর্বে পাঁচ মিনিট সময় বিশ্রাম কৰক।

ইয়াৰ পাছত অক্সিমিটাৰৰ ‘ছুইচ অন’ কৰি তাত আঙুলিৰ আগ ৰাখক। সঠিক পৰ্মিাপৰ বাবে কিছু সময় অপেক্ষা কৰক আৰু যেতিয়া মিটাৰৰ সংখ্যা স্থিৰ হ’ব তেতিয়া সর্বোচ্চ সংখ্যাটো লিখি লওক।

ঘৰত দৈনিক তিনিবাৰ এইদৰে পালছ অক্সিমিটাৰৰে ৰক্তৰ অক্সিজেনৰ পৰিমাণ জুখিব লাগে। ক’ভিড ৰােগীৰ ক্ষেত্ৰত এইদৰে ঘৰতে অক্সিমিটাৰৰে দৈনিক অক্সিজেনৰ পৰিমাণ জোখাটো জৰুৰী।

ৰােগীয়ে ব্যৱহাৰ কৰা অক্সিমিটাৰ আন ব্যক্তিয়ে ব্যৱহাৰ কৰাৰ পূর্বে ভালদৰে ছেনিটাইজ কৰা জৰুৰী।

Exit mobile version