দুর্যোগ প্রশমন প্রাধিকৰণৰ টোল ফ্রী নম্বৰত ৰাইজে জনাব পাৰিব ভূমিকম্পৰ ক্ষয়ক্ষতিৰ তথ্য

drl drdo logo

দুর্যোগ প্রশমন প্রাধিকৰণৰ টোল ফ্রী নম্বৰ ১০৭০,১০৭৯,১০৭৭ত ৰাইজে জনাব পাৰিব ভূমিকম্পৰ ক্ষয়ক্ষতিৰ তথ্য

ৰাজ্যত আজি পুৱাৰ ভাগত হােৱা ভূমিকম্পৰ ক্ষয়ক্ষতিৰ বিষয়ে অসমৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকৰণ (এএছডিএমএ)ক দৃষ্টিগােচৰ কৰিবলৈ ৰাইজৰ বাবে টোল ফ্রী নম্বৰ প্রকাশ কৰিছে প্ৰাধিকৰণে।

ৰাজ্যিক স্তৰত অসম ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকৰণৰ অধীনত পৰিচালিতৰাজ্যিক জৰুৰী সঞ্চালন কেন্দ্র (এছইঅ’চি)ৰ টোল ফ্রী নম্বৰ ১০৭০ আৰু ১০৭৯ ৰ লগতে প্ৰতিখন জিলাতে থকা জিলা দুর্যোগ প্রশমন প্রাধিকৰণৰে সংলগ্ন জিলা জৰুৰী সঞ্চালন কেন্দ্র (ডিইঅচি)ৰ টোল ফ্রী নম্বৰ ১০৭৭ ত যােগাযােগ কৰি ৰাইজে ভূমিকম্পৰ ক্ষয়ক্ষতিৰ বিষয়ে দুর্যোগ প্রশমন প্রাধিকৰণক অৱগত কৰিব পাৰিব।

Click here

তদুপৰি, দুর্যোগ প্রশমন প্রাধিকৰণৰ ই-মেইল ঠিকনা seoc.asdma@assam.gov.in লৈ ই-মেইল কৰিও জনসাধাৰণে এএছডিএমএক এই বিষয়ে জনাব পাৰিব। এই টোল ফ্রী নম্বৰ আৰু ই-মেইল ঠিকনাত যােগাযােগ কৰি ভূমিকম্পৰ ক্ষয়ক্ষতি বিষয়ে তাৎক্ষণিক ভাৱে জনাবলৈ ৰাইজক আহ্বান জনাইছে দুর্যোগ প্রশমন প্রাধিকৰণে।

Exit mobile version