নৈশ সান্ধ্য আইনত ২৫ দিনত দেশত পাঁচ লাখ কোটি টকাৰ লােকচান

81927220

কৰ’না মহামাৰীৰ সংক্ৰমণৰ দ্বিতীয় টৌ প্ৰতিৰােধ কৰিবলৈ দেশৰ কে’বাখনাে ৰাজ্যই আংশিক তলাবন্ধ আৰু নৈশ সান্ধ্যআইন জাৰি কৰিবলৈ বাধ্য হৈছে। একাংশ ৰাজ্যত সপ্তাহান্তিক তলাবন্ধও অব্যাহত আছে।

তলাবন্ধ আৰু সান্ধ্যআইনৰ ফলত ব্যৱসায়ীসকলে পুনৰ সমস্যাৰ সন্মুখীন হৈছে। কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্রেডার্ড (চি এ আই টি)-এ এই কথা প্রকাশ কৰি জনােৱা মতে, যােৱা পহিলা এপ্রিলৰ পৰা ২৫ এপ্রিললৈকে সময়ছােৱাত দেশজুৰি ব্যৱসায়ীকসকলে প্রায় পাঁচ লাখ কোটি টকাৰ লােকচান বহন কৰিব লগা হয়।

তলাবন্ধ আৰু নৈশ সান্ধ্যআইনৰ ফলত ব্যৱসায় প্ৰভাৱিত হৈছে আৰু মাত্র পাঁচদিনতে দেশৰ ব্যৱসায়ীসকলে পাঁচ লাখ কোটি টকাৰ লােকচানৰ সন্মুখীন হৈছে বুলি চি এ আই টিয়ে জানিবলৈ দিয়ে।

বাণিজ্যিক সংস্থাটোৰ তথ্য অনুসৰি পাঁচ লাখ কোটি লােকচান হােৱা খণ্ডৰ ৩.৫ লাখ কোটি টকাৰ লােকচান দেশৰ খুচুৰা ব্যৱসায় খণ্ডই বহন কৰিব লগা হ’ল। ১.৫ লাখ কোটি টকাৰ লােকচান এই সময়ছােৱাত দেশৰ পাইকাৰী ব্যৱসায় খণ্ডই বহন কৰিলে।

দেশৰ ১৪ খন ৰাজ্য ক্রমে মহাৰাষ্ট্র, দিল্লী, উত্তৰ প্ৰদেশ,কেৰালা, কর্ণাটক, গুজৰাট, মধ্য প্রদেশ, অন্ধ্র প্রদেশ, তামিলনাড়ু, ৰাজস্থান, চত্তিছগড়, ঝাৰখণ্ড,ওড়িছা আৰু বিহাৰৰ ব্যৱসায় জগতৰ তথ্য আহৰণ কৰি চি এ আই টিয়ে এই প্রতিবেদন যুগুত কৰিছে।

বাণিজ্যিক সংস্থাটোৰ মতে, কৰ’নাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিলে দেশৰ অন্যান্য ৰাজ্যতাে তলাবন্ধ, নৈশ সান্ধ্যআইন বলৱৎ হ’ব আৰু তেনে পৰিস্থিতিত ভাৰতৰ ব্যৱসায় জগতৰ লােকচানৰ পৰিমাণ অধিক বৃদ্ধি হােৱাৰ শংকা আছে।

Exit mobile version