পালছ অক্সিমিটাৰ ব্যৱহাৰৰ সঠিক পদ্ধতি

c2 500x500 1

অতিমাৰী পৰিস্থিতিত সম্প্ৰতি পালছ অক্সিমিটাৰ সকলোৰে সংগী হৈ‌ পৰিছে । কেনেকৈ কাম কৰে এই সূক্ষ্ম যন্ত্ৰটোৱে ?

থাৰ্মমিটাৰৰ দৰে এই যন্ত্ৰটোৱে শৰীৰৰ অক্সিজেনৰ মাত্ৰা জোখে । পালছ অক্সিমিটাৰত আঙুলি ৰাখিলেই কিছু সময়ৰ পাছতে দুটা সংখ্যা পৰিলক্ষিত হ’ব । ইয়াৰে এটা হ’ল এছপিঅ’টু অৰ্থাৎ শৰীৰৰ অক্সিজেনৰ সম্পৃক্ততা আৰু আনটো পালছ ৰেট ।

শৰীৰৰ অক্সিজেনৰ মাত্ৰাক লৈ এতিয়া সকলোৱে চিন্তিত । কেনেকৈ গ’ম পাব যে যন্ত্ৰটোৱে কাম কৰিছে ? এজন মানুহৰ শৰীৰৰ স্বাভাৱিক অৱস্থাত অক্সিজেনৰ মাত্ৰা থাকে ৯৫ ৰ পৰা এশৰ ভিতৰত ।

অক্সিমিটাৰত শৰীৰৰ অক্সিজেনৰ মাত্ৰা ইয়াতকৈ কম আহিলে কি কৰিব ?

জানো আহক
● প্ৰথমতেই উদ্বিগ্ন নহ’ব । কিছুসময় স্থিৰ হৈ থাকক । ৩০ ছেকেণ্ডৰ পাছত পুনৰ পালছ অক্সিমিটাৰ ব্যৱহাৰ কৰক ।
● ইয়াৰ পাছতো শৰীৰৰ অক্সিজেন সম্পৃক্ততা কম আহিলে যন্ত্ৰটো আঙুলিৰ পৰা খুলি অন্য এজনৰ হাতত ব্যৱহাৰ কৰক ।
● অন্য লোকজনৰ শৰীৰৰ অক্সিজেনৰ মাত্ৰা স্বাভাৱিক দেখালে বুজিব যে যন্ত্ৰটো সঠিককৈ কাম কৰি আছে ।
●তৃতীয়তে লক্ষ্য কৰিব লাগিব যে যন্ত্ৰটো আঙুলিত ব্যৱহাৰ কৰোঁতে যাতে নখত নেইল পলিছ বা মেহেন্দি কোনো ধৰণৰ উপকৰণ লাগি নাথাকে । বহু সময়ত এই উপকৰণবোৰৰ বাবে ভুল ফলাফল দেখুৱায় ।
● শৰীৰ কঁপি থাকিলেও যন্ত্ৰটোৱে সঠিকভাৱে কাম নকৰে । খোজ কাঢ়ি থকাৰ সময়ত ৰিডিং নকৰিব ।
● শুই থকাৰ সময়ত অক্সিজেন ৰিড নকৰিব । যিসকলৰ নিদ্ৰা সমস্যা আছে তেওঁলোকৰ স্বাভাৱিকভাৱেই শুই থকাৰ সময়ত শৰীৰৰ অক্সিজেন মাত্ৰা কমি যায় ।
● বিভিন্ন অন্যান্য ৰোগৰ বাবেও শৰীৰৰ অক্সিজেনৰ মাত্ৰা কম হ’ব পাৰে । যেনে হাঁপানি ৰোগ বা ধুমপান কৰা লোকসকল ।
● অক্সিজেন সম্পৃক্ততা ৯৪ৰ তলত কমি গ’লে চিন্তাৰ বিষয় । ইয়াৰ অৰ্থ আপোনাৰ নিমুনিয়া হৈছে নাইবা হাওঁফাওঁত সংক্ৰমণ হৈছে ।
● শীঘ্ৰে ডাক্টৰৰ স’তে যোগাযোগ কৰি পৰামৰ্শ গ্ৰহণ কৰক ।

পালছ অক্সিমিটাৰ সঠিকভাৱে ব্যৱহাৰ কৰাৰ ফলত বহু লোকৰ পৰিস্থিতি বেয়া হোৱাৰ পৰা ৰক্ষা পেলাব পৰা গৈছে । সঠিক সময়ত ঔষধ ব্যৱহাৰ কৰি তেওঁলোক সুস্থ হৈছে । সেয়ে যন্ত্ৰটো নিত্যান্ত ব্যৱহাৰ কৰক ।

Exit mobile version