ভাৰতক যথাসাধ্য সহায় কৰিবলৈ প্ৰস্তুত আমেৰিকা

smj2fbeo joe biden afp

আমেৰিকাৰ দুঃসময়ত ভাৰতে সহায় কৰিছিল । সেয়ে ভাৰতৰ কৰ’নাৰ বিৰুদ্ধে যুঁজত আমেৰিকাই সৰ্ব শক্তি প্ৰয়োগ কৰি সহায় কৰিব বুলি জনায় ৰাষ্ট্ৰপতি জ’ বাইডেনে ।

কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স’তে ফোনত কথা পাতে বাইডেনে । আজি হোৱাইট হাউচৰ এক সংবাদ মেলত বাইডেনে কয়, ‘আমি শীঘ্ৰে ভাৰতক সকলো ধৰণৰ সহায় কৰিম । ইয়াৰ ভিতৰত ৰেমডেচিভিৰসহ অন্যান্য ঔষধো আছে । ভাৰতক প্ৰতিষেধক প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োজন হোৱা কেঁচা পণ্য‌ও আমি প্ৰেৰণ কৰিছো । ফলত প্ৰতিষেধক প্ৰস্তুতৰ পৰিমাণ বৃদ্ধি পাব ।’

তেওঁ লগতে কয়, ‘সম্প্ৰতি আমি যি সমস্যাত আছো তাৰ বাবে আমি টিকাকৰণৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব । আমি বৰ্তমান অন্য দেশসমূহতো প্ৰতিষেধক সৰবৰাহ কৰিবৰ বাবে সক্ষম । সেইটো আমি ভাৰতৰ পৰাই আৰম্ভ কৰিব বিচাৰিছো । কাৰণ আমাৰ দুঃসময়ত সকলোতকৈ আগত ভাৰতেই আগবাঢ়ি আহিছিল ।’

Exit mobile version